অসম

assam

By

Published : May 5, 2023, 10:17 AM IST

ETV Bharat / bharat

Karnataka Elections : বজৰং দল নিষিদ্ধৰ ঘোষণাই বিপদত পেলাইছে কংগ্ৰেছক !

বজৰং দল নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছ দল এতিয়া সংকটত (Karnataka Bajrang Dal ban controversy)। কৰ্ণাটকত বিজেপিয়ে ইয়াক নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে । এই বিতৰ্কৰ পৰা আঁতৰি আহিবলৈ কংগ্ৰেছেও নতুন নতুন ঘোষণা কৰিছে ।

Karnataka Elections
বজৰং দল নিষিদ্ধৰ ঘোষণাই বিপদত পেলাইছে কংগ্ৰেছক

নেশ্যনেল ডেস্ক,৫ মে' :কৰ্ণাটকৰ নিৰ্বাচনক লৈ কংগ্ৰেছ দলে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে (Karnataka election 2023)। ইতিমধ্যে কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰো প্ৰকাশ কৰিছে । য'ত বজৰং দল সংগঠনটোক নিষিদ্ধ কৰাৰ কথা উল্লেখ কৰিছে কংগ্ৰেছে । ইস্তাহাৰত উল্লেখ কৰা মতে যদি অসামাজিক কাৰ্যকলাপত জড়িত থকা দেখা যায় তেন্তে সংগঠনটোক নিষিদ্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব কংগ্ৰেছে । অৱশ্যে এই ঘোষণাৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি এই ক্ষেত্ৰত কংগ্ৰেছে দলৰ বিভিন্ন ক্ষতিৰো আশংকা কৰিছে (Bajrang Dal ban controversy)।

বজৰং দল নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছ দলে বিধানসভা নিৰ্বাচনৰ সময়ত কট্টৰ হিন্দুসকলৰ ভোট হেৰুওৱাৰো আশংকা কৰিছে (Cngress election manifesto in Karnataka)। বজৰং দলক নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে বিজেপি দলৰ নেতাসকলে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপি নেতাসকলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত 'জয় বজৰংবলী' শীৰ্ষক শ্ল'গান দিয়াও দেখা গৈছে । যাৰ বাবে কংগ্ৰেছ দলৰ মাজত আশংকা আৰু বৃদ্ধি পাইছে ।

কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা একাংশ প্ৰাৰ্থীয়ে কৈছে যে এই পৰিস্থিতিত বজৰং দলৰ নিষেধাজ্ঞাৰ প্ৰতিশ্ৰুতি অপ্ৰয়োজনীয় । বিজেপিৰ সৈতে কঠোৰ প্ৰতিযোগিতা হোৱা অঞ্চলবোৰত কংগ্ৰেছৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে সেই নেতাসকলে (Congress strategy to defend Bajrang Dal ban call)।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত যেতিয়া কংগ্ৰেছ দলৰ প্ৰতি যথেষ্ট সমৰ্থন দেখা গৈছে তেনে সময়ত ইস্তাহাৰত বজৰং দলৰ নিষেধাজ্ঞাৰ কথা উল্লেখ কৰাৰ বাবে অপ্ৰয়োজনীয় বিতৰ্ক সৃষ্টি হোৱা দেখা গৈছে । কংগ্ৰেছ দলৰ ভিতৰুৱা চক্ৰত এটা বিতৰ্ক চলি আছে যে বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰিবলৈ বজৰং দলৰ নিষেধাজ্ঞাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে (BJP slams Congress on Bajrang Dal ban controversy)।

দলটোৰ ওপৰত বজৰং দলৰ নিষেধাজ্ঞাৰ বিৰূপ প্ৰভাৱ প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে বিশেষ পন্থা লৈছে । কংগ্ৰেছে এইবাৰ ঘোষণা কৰিছে যে যদি কংগ্ৰেছ শাসনলৈ আহে, হনুমানৰ নামত এক পৃথক উন্নয়ন কৰ্তৃপক্ষ গঠন কৰা হ'ব । কংগ্ৰেছে গাঁওবোৰত হনুমান মন্দিৰ নিৰ্মাণ কৰি যুৱসমাজক শক্তিশালী কৰাৰ কাম কৰিব । বৃহস্পতিবাৰে উত্তৰ কানাড়া জিলাৰ হোন্নাভাৰাত কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰে এই মন্তব্য কৰে ।

কংগ্ৰেছ দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰাপ্পা মইলীয়ে এই সন্দৰ্ভত স্পষ্ট কৰি দি কয় যে বজৰং দলক নিষিদ্ধ বুলি কোৱা হোৱা নাই । ইস্তাহাৰত কোৱা হৈছে যে যদি তেওঁলোকে অবৈধ কাৰ্যকলাপত জড়িত থাকে তেন্তে নিষেধাজ্ঞাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

কংগ্ৰেছ দলৰ কিছুমান নেতাই নিৰ্বাচনী ইস্তাহাৰত বজৰং দলৰ নিষেধাজ্ঞাৰ কথা উল্লেখ কৰা কথাটো মুকলিকৈ প্ৰতিৰোধ কৰিছে । কিন্তু আভ্যন্তৰীণভাৱে, দলটোৰ বহুতো প্ৰাৰ্থী চিন্তিত যে বজৰং দলৰ বিতৰ্কই তেওঁলোকৰ বিজয়ত বাধা দিব । কিছুমান প্ৰাৰ্থীয়ে আকৌ বজৰং দল বিতৰ্কৰ পৰা দূৰত্ব বজাই ৰাখি হিন্দুসকলৰ ভোট লাভৰ চেষ্টা অব্যাহত ৰাখিছে ।

আনহাতে, বিজেপিয়ে বজৰং দলক নিষিদ্ধ কৰাৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিক অতি গুৰুত্ব সহকাৰে লৈছে । নিৰ্বাচনী অস্ত্ৰ হিচাপে বিজেপিয়ে ইয়াক ব্যৱহাৰ কৰিছে । মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, ৰাজ্যিক বিজেপিৰ সভাপতি নলীন কুমাৰ কাটিল, কেন্দ্ৰীয় মন্ত্ৰী শোভা কাৰান্দলাজেকে ধৰি কেইবাজনো বিজেপি নেতাই কংগ্ৰেছ দলক বজৰং দল নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতিক প্ৰত্যাহ্বান জনাইছে ।

ইয়াৰ মাজতে আকৌ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মীসকলে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে । বৃহস্পতিবাৰে অঞ্জনেয়া মন্দিৰত হনুমান চালিচা পাঠ কৰি বজৰং দলক সমৰ্থনো জনাইছে সংগঠনকেইটাই ।

ইফালে বিজেপিয়ে নিৰ্বাচন শেষ নোহোৱালৈকে বজৰং দলৰ নিষেধাজ্ঞা বিতৰ্কৰ ৰাজনৈতিক সুবিধা লোৱাৰ পৰিকল্পনা কৰিছে বুলি ধাৰণা কৰা হৈছে । ইয়াৰ মাজতে, কংগ্ৰেছ দলেও নিৰ্বাচনী ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ প্ৰস্তাৱক ন্যায়সঙ্গত কৰি হিন্দু ভোটাৰক আকৰ্ষণ কৰাত ব্যস্ত হৈ পৰিছে আৰু কৈছে যে তেওঁলোক অঞ্জনেয়া আৰু হিন্দুসকলৰ ভক্ত। বজৰং দলৰ নিষেধাজ্ঞা বিতৰ্কৰ ফলত এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে ।

লগতে পঢ়ক :Congress Election Manifesto Burnt : কৰ্ণাটকত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিলিপি দাহ বিজেপি নেতাৰ

ABOUT THE AUTHOR

...view details