অসম

assam

Tripura Gangrape : আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ উপযুক্ত অনুসন্ধান নকৰাৰ অভিযোগ কংগ্ৰেছৰ

By

Published : Oct 29, 2022, 11:44 AM IST

শুকুৰবাৰে সন্ধিয়া আগৰতলাৰ কংগ্ৰেছ ভৱনত (Congress Bhawan Agartala) এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে দাবী কৰে যে মুখ্যমন্ত্ৰীৰ মুখ সলনি কৰাৰ পাছতো ৰাজ্যখনৰ পৰিস্থিতি একেই আছে বৰং অপৰাধ বৃদ্ধিহে পাইছে ।

Tripura
Tripura

আগৰতলা, ২৯ অক্টোবৰ : বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে শুকুৰবাৰে অভিযোগ কৰে জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ছয়জন লোকক আৰক্ষীয়ে জেৰা কৰিবলৈ আৰক্ষীৰ জিম্মা বিচৰা নাছিল (Tripura gang rape) । কিয়নো ইয়াৰ ফলত প্ৰকৃত সত্যটো ওলাই আহিব পাৰে যে ত্ৰিপুৰাৰ উনাকোটি জিলাৰ কুমাৰঘৰত এগৰাকী নাবালিকাক দলবদ্ধ বলাৎকাৰৰ সৈতে মন্ত্ৰী ভগবান দাসৰ পুত্ৰও জড়িত আছে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ২৬ অক্টোবৰত ত্ৰিপুৰা আৰক্ষীয়ে ১৯ অক্টোবৰত সংঘটিত এগৰাকী নাবালিকাৰ দলবদ্ধ ধৰ্ষণৰ সন্দৰ্ভত ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছিল (Tripura Police arrested 6 accused of gang rape) । উল্লেখ্য, শুকুৰবাৰে সন্ধিয়া আগৰতলাৰ কংগ্ৰেছ ভৱনত (Congress Bhawan Agartala) এক সংবাদমেল সম্বোধন কৰি ৰয় বৰ্মনে দাবী কৰে যে মুখ্যমন্ত্ৰীৰ মুখ সলনি কৰাৰ পাছতো ৰাজ্যখনৰ পৰিস্থিতি একেই আছে বৰং অপৰাধ বৃদ্ধিহে পাইছে ।

"ৰাইজৰ ধন খৰচ কৰি এইখন চৰকাৰে এটা সুশাসন অভিযান চলাই আছে (Tripura CM Manik Sarkar) । কিন্তু বাস্তৱত ৰাজ্যখনত জংঘলৰাজ বিৰাজ কৰি আছে । ত্ৰিপুৰাত প্ৰতিমাহে গড়ে প্ৰায় ১৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হয় । ইয়াত বৰ্তমান আইনৰ শাসনৰ মৃত্যু হৈছে ।" বৰ্মনে কয় ।

ৰয় বৰ্মনে লগতে অভিযোগ কৰে যে শেহতীয়াকৈ সংঘটিত ধৰ্ষণৰ ঘটনাত স্থানীয় বিজেপি নেতাসকল জড়িত হৈ আছে । "চৰকাৰে এনে সকলো ঘটনা লুকুৱাবলৈ যথেষ্ট পৰিশ্ৰম কৰি আছে । আৰক্ষী নীৰৱ হৈ আছে (law and order situation in Tripura) । চৰকাৰে আৰক্ষীক মুক্তভাৱে কাম কৰিবলৈ অনুমতি দিয়া নাই ।" তেওঁ এই দাবী কৰে ।

মন্ত্ৰী ভগৱান দাসৰ পুত্ৰ জড়িত থকাৰ অভিযোগ সন্দৰ্ভত ৰয় বৰ্মনে কয় যে মনে সজা আৰু মিছা বক্তব্যৰে বিজেপিয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে । "মিছা যুক্তিৰে সত্যক ঢাকিবলৈ চেষ্টা কৰা হৈছে । চৰকাৰে সুশাসনৰ বাবে কঠোৰ ব্যৱস্থা লোৱা উচিত । তেওঁলোকে (বিজেপি) নিৰ্বাচনৰ পূৰ্বে মানুহৰ মাজত আতংক আৰু ভয়ৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আছে ।" তেওঁ দাবী কৰে ।

তেওঁ লগতে জনায় যে ১৯ অক্টোবৰৰ ঘটনাৰ দিনা স্থানীয় ৰাইজে মন্ত্ৰীজনৰ পুত্ৰক ভাড়াঘৰটোত দেখিছে, য'ত নাবালিকাজনীক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল ।

"তদন্ত এতিয়াও শেষ হোৱা নাই । কিন্তু আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোকে ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে । আনকি সত্য ওলাই আহিব পাৰে বুলি ভয়তে আৰক্ষীয়ে তেওঁলোকক জেৰা কৰিবলৈ আৰক্ষীৰ জিম্মা বিচৰা নাছিল ।" ডিজিপিক বিষয়টোৰ ওপৰত হস্তক্ষেপৰ কথা ক'ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ ওপৰত তেওঁ কয় । তেওঁ সকলো অপৰাধীক আনকি মন্ত্ৰীজনৰ পুত্ৰকো তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক :TMC Protest in Tripura : মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবীৰে ত্ৰিপুৰাত তৃণমূলৰ প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

...view details