নিউজ ডেস্ক, ২ নৱেম্বৰ :দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ চমন উপেক্ষা কৰাটোক কংগ্ৰেছে বৃহস্পতিবাৰে সমালোচনা কৰিছে । লগতে কয় যে আপৰ দুৰ্নীতিবিৰোধী চৰিত্ৰ উন্মোচিত হৈছে । উল্লেখ্য যে ইডিয়ে কেজৰিৱালক দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ অভিযোগত মাতি পঠিয়াইছিল । এই গোচৰত তেওঁৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া আৰু ৰাজ্যসভাৰ সদস্য সঞ্জয় সিং ইতিমধ্যে কাৰাগাৰত আছে । আনহাতে, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনো আন এটা দুৰ্নীতিৰ গোচৰত কাৰাগাৰত আছে ।
"আমাৰ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো ইডিৰ দ্বাৰা অভিযোগ কৰা এক গোচৰত মাতি পঠোৱা হৈছিল । কিন্তু তেওঁলোকে এই চমন এৰাই চলা নাছিল । তেওঁলোকে গৈ দিনজোৰা সোধাপোছাত সংস্থাটোৱে উত্থাপন কৰা সকলো প্ৰশ্নৰ উত্তৰ দিছিল । আমি জানো যে বিজেপিয়ে ইয়াৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক লক্ষ্য কৰি ল'বলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰে । কিন্তু যদি আমাৰ নেতাসকলে সাহসেৰে ইডিৰ মুখামুখি হ'ব পাৰে, কেজৰিৱালেও তেনে কৰিব লাগিছিল । তাৰ পৰিৱৰ্তে তেওঁ পলাই যোৱাৰ সিদ্ধান্ত লয় ।" দিল্লী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জে পি আগৰৱালে ইটিভি ভাৰতৰ আগত কয় ।
দিল্লীৰ এগৰাকী প্ৰাক্তন সাংসদ আগৰৱালাৰ মতে, ২০১৩ চনত দিল্লীত দুৰ্নীতিবিৰোধী স্থিতি লৈ আপ ক্ষমতালৈ আহিছিল । কিন্তু এতিয়া তেওঁলোকৰ শীৰ্ষ নেতাসকলেই গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে । "এয়া বিদ্ৰূপাত্মক । আপ উন্মোচিত হৈছে । তেওঁলোকে নতুন আৰু স্বচ্ছ ৰাজনীতিৰ প্ৰতিশ্ৰুতি দিছিল । তেওঁলোকে সৰল হৈ থাকিবলৈ আৰু ক্ষমতাৰ খঁকত নিমজ্জিত নহ'বলৈ লগতে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । দুৰ্ভাগ্যবশত তেওঁলোকে চৰকাৰী গাড়ী, চৰকাৰী বাসস্থান লৈছে আৰু দুৰ্নীতিত জড়িত হৈছে ।" আগৰৱালে কয় ।
প্ৰাক্তন সাংসদজনে লগতে কয় যে দিল্লীৰ সুৰা নীতিত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছেই আছিল প্ৰথম । যাৰ এতিয়া ইডি আৰু চিবিআইৰ দ্বাৰা তদন্ত কৰা হৈছে । "আমাৰ দিল্লী গোটে প্ৰথমে সুৰা নীতি কেলেংকাৰীটো উন্মোচন কৰিছিল, য'ত মনীষ ছিছোডিয়া আৰু সঞ্জয় সিঙ কাৰাগাৰত আছে । কেজৰিৱাল পৰৱৰ্তী হ'ব পাৰে আৰু সেয়েহে চমন পৰিহাৰ কৰি আছে । মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱনৰ ৪৫ কোটি টকাৰ নৱীকৰণৰ তদন্তৰ সন্মুখীন হৈছে ।" আগৰৱালে কয় ।