নেশ্যনেল ডেস্ক, 11 জুলাই: উত্তৰ প্ৰদেশত হিংসাত্মক ঘটনাৰ নতুন নাম হৈছে 'মাষ্টাৰষ্ট্ৰোক'-ৰাজ্যখনত সংঘটিত হোৱা নিৰ্বাচনকেন্দ্ৰিক ঘটনা সন্দৰ্ভত শনিবাৰে এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । উত্তৰ প্ৰদেশৰ মণ্ডল পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মহিলা প্ৰাৰ্থীৰ সৈতে বিজেপি কৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই অভিযোগ উত্থাপন কৰে যে, নিৰ্বাচনৰ বাবে এগৰাকী মহিলাই মনোনয়ন পত্ৰ দাখিল কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবলৈ বিজেপিয়ে সকলো সীমা অতিক্ৰম কৰিছে ।
তেওঁ লগতে অভিযোগ তোলে যে, কেইবছৰমান পূৰ্বে ধৰ্ষণৰ বলি হোৱা এগৰাকী নিৰ্যাতিতাই এজন বিজেপি বিধায়কৰ বিৰুদ্ধে মাত মাতিছিল ৷ তেতিয়া নিৰ্যাতিতাক পৰিয়ালৰ সৈতে হত্যা কৰাৰ চেষ্টা কৰা হৈছিল । আজি বিজেপিয়ে এগৰাকী মহিলাৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াত বাধা দিবলৈ সকলো সীমা অতিক্ৰম কৰিছে ৷
টুইটযোগে চৰকাৰ একেই আৰু আচৰণো একেই আছে বুলি প্ৰকাশ কৰি এগৰাকী মহিলাক মনোনয়ন দাখিল কৰাত বাধা দিয়া দৃশ্য থকা এটা ভিডিঅ' শ্বেয়াৰ কৰে ।