অসম

assam

ETV Bharat / bharat

ৰাম মন্দিৰৰ বাবে সংগৃহীত অনুদানৰ হিচাপ বিচাৰিলে কংগ্ৰেছে - Ram temple donations

বিজেপিক ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংগৃহীত অনুদানৰ হিচাপ বিচাৰিলে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ এই ক্ষেত্ৰত বিজেপিয়েও বাঘেলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

ৰাম মন্দিৰৰ বাবে সংগৃহীত অনুদানৰ হিচাপ বিচাৰিলে কংগ্ৰেছে
ৰাম মন্দিৰৰ বাবে সংগৃহীত অনুদানৰ হিচাপ বিচাৰিলে কংগ্ৰেছে

By

Published : Dec 7, 2020, 1:41 PM IST

নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ:দেওবাৰে বিজেপিক অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংগৃহীত অনুদানৰ হিচাপ বিচাৰিলে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ তেওঁ কয় যে, গেৰুৱা দলে বৰ্তমানলৈ সংগ্ৰহ কৰা অনুদান সম্বন্ধে দেশবাসীক জ্ঞাত কৰিব লাগে ৷

বিজেপিৰ বিধায়ক ব্ৰিজমোহন আগ্ৰাৱালে ৰাজ্য চৰকাৰে ৰাম মন্দিৰৰ বাবে 101 কোটি টকা দান কৰিব লাগে বুলি কৰা দাবীৰ প্ৰত্যুত্তৰত তেওঁ সাংবাদিকৰ আগত কয় যে, তেওঁলোকে প্ৰথমে সেই একাউণ্টৰ সবিশেষ জনাওক য'ত তেওঁলোকে 1992 চনৰ পৰাই অনুদান সংগ্ৰহ কৰি আহিছে ৷

বিজেপিয়েও বাঘেলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, কংগ্ৰেছৰ কোনো একাউণ্টৰে সবিশেষ জনাৰ অধিকাৰ নাই ৷ কিয়নো তেওঁলোকৰ ইয়াত কোনো ধৰণৰ অৱদান নাই ৷

লগতে পঢ়ক:কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব শাৰদ পাৱাৰে

ABOUT THE AUTHOR

...view details