নিউজ ডেস্ক, 2 জানুৱাৰী : বিমুদ্ৰাকৰণৰ বিৰুদ্ধে 58 খনকৈ আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ 5 জনীয়া বিচাৰপীঠে ৰায় দিলে যে বিমুদ্ৰাকৰণ বৈধ আছিল ৷ বহু বিতৰ্কিত বিমুদ্ৰাকৰণৰ সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ন্যায়ালয়ৰ এই সিদ্ধান্তক মানি ল’ব পৰা নাই কংগ্ৰেছে (Congress on SC verdict over demonetisation)৷ কংগ্ৰেছে সোমবাৰে কয় যে, দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ লগতে লাখ লাখ লোক জীৱন বিপন্ন কৰা 2016ৰ বহু বিতৰ্কিত বিমুদ্ৰাকৰণক উচ্চতম ন্যায়ালয়ে মানি ল’ব নোৱাৰে ৷ বিমুদ্ৰাকৰণে দেশত পেলোৱা নেতিবাচক প্ৰভাৱৰ ভিত্তিত নহয়, ন্যায়ালয়ৰ সংখ্যাগৰিষ্ঠ লোকৰ সিদ্ধান্তৰ ভিত্তিতহে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰা বুলি মন্তব্য কৰিছে কংগ্ৰেছে ৷ কংগ্ৰেছৰ হৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ জয়ৰাম ৰমেশে (Congress communications in charge Jairam Ramesh)।
দেশৰ উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণ বৈধ বুলি ৰায়দান কৰাৰ পাছতে ন্যায়ালৰ এই সিদ্ধান্ত সম্পূৰ্ণ ভুল আৰু বিভ্ৰান্তিকৰ বুলি মন্তব্য কৰে জয়ৰামে ৰমেশে ৷ তেওঁ কয় যে, বিমুদ্ৰাকৰণৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, 1934ৰ 26(2) ধাৰা মানি চলা হৈছিল নে নাই তাৰ ভিত্তিতহে বিমুদ্ৰাকৰণ বৈধ বুলি ঘোষণা কৰিছে ৷ ন্যায়াধীশে সংসদক উপক্ষা কৰি এনেধৰণৰ ৰায় প্ৰদান কৰা উচিত নাছিল বুলি মন্তব্য কৰে জয়ৰাম ৰমেশে (Reserve Bank of India Act 1934)৷