অসম

assam

ETV Bharat / bharat

Congress Slams PM Modi : ৫১ মিনিটত প্ৰধানমন্ত্ৰীৰ মুখত ৪৪ বাৰ কংগ্ৰেছৰ নাম; মোদীক কটাক্ষ কংগ্ৰেছৰ

চলিত বৰ্ষত অনুষ্ঠিত হ'বলগা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ব্যাপক সমৰ্থন আদায়ৰ লক্ষ্যৰে ভূপালত আয়োজন কৰিছে 'কাৰ্যকৰ্তা মহাকুম্ভ' । এই অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে 'নেতিবাচকতাৰ ভাইৰাছ' বিয়পোৱাৰ বাবে দোষাৰোপ কৰি কংগ্ৰেছক ভাইৰাছ দল বুলি অভিহিত কৰে আৰু প্ৰতিদ্বন্দ্বী দলটোৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় ।

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:00 PM IST

Congress Slams PM Modi
Congress Slams PM Modi

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : সোমবাৰে ভূপালত বিজেপি কৰ্মীসকলক সম্বোধন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে । মঙলবাৰে কংগ্ৰেছে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ৫১ মিনিটৰ দীঘল ভাষণৰ সময়ত ৪৪ বাৰ দেশৰ সবাতোকৈ পুৰণি দলটোৰ নাম লয় । লগতে কংগ্ৰেছে আশ্চৰ্য প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী কিয় কংগ্ৰেছ দলটোৰ দ্বাৰা ইমান আকৰ্ষিত হৈছে ।

"বিজেপিয়ে ১৮ বছৰৰো অধিক সময় ধৰি শাসন কৰি থকা মধ্যপ্ৰদেশৰ ভূপালত কালি প্ৰধানমন্ত্ৰী মোদীয়ে ৫১ মিনিট ধৰি বিজেপিৰ জয়গান গায় । কিন্তু তেওঁৰ ভাষণৰ সকলোতে আছিল 'কংগ্ৰেছ', 'কংগ্ৰেছ' । তেওঁ কংগ্ৰেছ দলৰ নাম ৪৪ বাৰ পুনৰাবৃত্তি কৰে; সেয়া প্ৰায় ৪৪ মিনিট ধৰি । তেওঁ কংগ্ৰেছৰ দ্বাৰা ইমান আকৰ্ষিত কিয় হৈছে ?" যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিয়ে এক্সত (পূৰ্বৰ টুইটাৰ) এনেদৰে লিখিছে ।

উল্লেখ্য যে চলিত বৰ্ষত মধ্যপ্ৰদেশত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ব্যাপক সমৰ্থন আদায়ৰ লক্ষ্যৰে ভূপালত 'কাৰ্যকৰ্তা মহাকুম্ভ' আয়োজন কৰিছে । এই অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে 'নেতিবাচকতাৰ ভাইৰাছ' বিয়পোৱাৰ বাবে প্ৰতিদ্বন্দ্বী দলটোক দোষাৰোপ কৰি কংগ্ৰেছক এক ভাইৰাছ বুলি তীব্ৰ আক্ৰমণ কৰে ।

বিজেপিয়ে ১৮ বছৰ ধৰি মধ্যপ্ৰদেশত শাসন-ক্ষমতাত আছে । বৰ্তমান পশ্চিম ভাৰতৰ ৰাজ্যখনৰ নেতৃত্ব ভাৰ আছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ কান্ধত ।

আনহাতে, কংগ্ৰেছ নেতা পৱন খেৰায়ো প্ৰধানমন্ত্ৰী মোদীক উপহাস কৰি কয় যে তেওঁ বৃহৎ পুৰণি দলটোৰ পৰা সহায় ল'বলগা হৈছে আৰু ই মধ্যপ্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰৰ বিফলতাক প্ৰতিফলিত কৰে ।

"প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰদেশত ৫১ মিনিটৰ ভাষণত ৪৪ বাৰ কংগ্ৰেছৰ নাম লৈছিল । এয়া ১৯৬৬ চনত মুক্তি পোৱা এখন চলচ্চিত্ৰৰ দৰে একে– 'নীন্দ হামাৰি, খোৱাব তুমহাৰে' । যিখন ৰাজ্যত বিজেপি ১৮ বছৰ ধৰি শাসনত আছে, আপুনি তাত ৪৪ বাৰ কংগ্ৰেছৰ নাম লৈছে । ই সূচায় যে মধ্যপ্ৰদেশত চৰকাৰৰ সাফল্য 'শূন্য' ।" অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ (এআইচিচি) মিডিয়া আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ খেৰাই নতুন দিল্লীত সাংবাদিকৰ আগত কয় ।

লগতে পঢ়ক :PM at Rozgar Mela : প্ৰযুক্তিয়ে চৰকাৰী আঁচনিৰ দুৰ্নীতি নিয়ন্ত্ৰণ কৰিছে; প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details