নেশ্যনেল ডেস্ক,১৬ ডিচেম্বৰ :ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা । ইতিমধ্যে এই যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণ হ'ল (Bharat Jodo Yatra completes 100 days)। কংগ্ৰেছৰ দলটো ৰাজস্থানত আছে । শুকুৰবাৰে পুৱাই দলটোৱে ৰাজস্থানৰ দৌচাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰে । যাত্ৰাৰ ১০০ দিন হোৱাৰ লগে লগে দলটোৰ বহু জ্যেষ্ঠ নেতা আৰু কৰ্মীয়েও ভাৰত জোড়ো যাত্ৰাৰ দলটোত অংশগ্ৰহণ কৰে (Bharat Jodo Yatra in Rajasthan)।
৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা শুকুৰবাৰে ৰাজস্থানত ১২ দিনত ভৰি দিয়ে । সাংসদ ৰাহুল গান্ধীয়ে দলৰ নেতা আৰু কৰ্মীসকলৰ সৈতে পুৱা প্ৰায় ৬ বজাত দৌছাৰ মীনা উচ্চ ন্যায়ালয়ৰ পৰা পদযাত্ৰা আৰম্ভ কৰে আৰু গিৰিৰাজ ধৰণ মন্দিৰত বিৰতি লোৱাৰ কথা আছে । ৰাহুল গান্ধীয়ে জয়পুৰৰ কংগ্ৰেছ কাৰ্যালয়ত বিয়লি প্ৰায় ৪ বজাত এখন সংবাদমেল সম্বোধন কৰিব । দলটোৱে ভাৰত জোড়ো যাত্ৰাৰ ১০০ দিন উদযাপন কৰিবলৈ সন্ধিয়া প্ৰায় ৭ বজাত এলবাৰ্ট হলত জয়পুৰত এক বিশেষ অনুষ্ঠানৰো পৰিকল্পনা কৰিছে ।
হিমাচল প্ৰদেশৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু আৰু উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে বৃহস্পতিবাৰে নিশা দিল্লীৰ পৰা ৰাজস্থানত উপস্থিত হৈ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰে (Himachal CM joins Bharat Jodo Yatra)। দুয়োগৰাকী সৈতে কংগ্ৰেছ হিমাচল প্ৰদেশৰ ভাৰপ্ৰাপ্ত ৰাজীৱ শুক্লাও উপস্থিত হয় ।