নেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ :ডিএমকে নেতা তথা তামিলনাডুৰ কেবিনেট মন্ত্ৰী উধায়ানিধি ষ্টেলিনৰ এক বিস্ফোৰক মন্তব্যই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে । নেতাগৰাকীৰ সনাতন ধৰ্মক লৈ কৰা এক বিতৰ্কিত মন্তব্যক লৈ বিজেপি আক্ৰমণাত্মক হৈ পৰিছে । ডিএমকে দলৰ নেতাগৰাকীৰ এই মন্তব্যৰ বাবে বিজেপিৰ একাংশ নেতাই বিৰোধী মিত্ৰজোঁট 'INDIA'কো লক্ষ্য কৰি লৈছে । অৱশ্যে বিৰোধী মিত্ৰজোঁটৰ অন্যতম অংশ কংগ্ৰেছে এই ক্ষেত্ৰত কিছু দূৰত্ব বজাই ৰখা দেখা গৈছে । মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে দেওবাৰে এই বিষয়ক লৈ কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰে ।
উল্লেখ্য যে শনিবাৰে চেন্নাইত এখন সন্মিলনত ভাষণৰ সময়ত তামিলনাডু চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী উধায়ানিধিয়ে সনাতন ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিছিল । তেওঁ কৈছিল যে, কিছুমান বিষয়ৰ বিৰোধিতা কৰিব নোৱাৰি সেইবোৰ বাতিলো কৰিব লাগে । তেওঁ কৈছিল যে আমি ডেংগু, মহ, মেলেৰিয়া বা কৰ'ণাৰ বিৰোধিতা কৰিব নোৱাৰো, আমি সেইবোৰ নিৰ্মূল কৰিব লাগিব । একেদৰে সনাতন (সনাতন ধৰ্ম) নিৰ্মূল কৰিব লাগিব । সনাতনৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে ইয়াক নিৰ্মূল কৰা উচিত বুলি তেওঁ ভাষণ প্ৰসংগত কৈছিল ।