নিউজ ডেস্ক, 8 মে’:10 মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যেই কৰ্ণাকৰ নিৰ্বাচনৰ বাবে সকলো দলৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিছে (Karnataka poll campaign ended) ৷ উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে ইছ্যু হিচাবে স্থানীয় সমস্যাসমূহক বাচি লৈছে ৷ লগতে নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কংগ্ৰেছ দলে জনসাধৰণক স্থানীয় সমস্যাৰ পৰা বিচলিত কৰিব বিচৰা বিজেপিৰ প্ৰচাৰক গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনায় (Karnataka poll congress report card) ৷
নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কৰ্ণাটকত দুৰ্নীতি নিৰ্মূল কৰা আৰু সমাজৰ কল্যাণ সাধন কৰা হ’ব বুলি গেৰাণ্টি প্ৰদান কৰে ৷ কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে অতি সতৰ্কতাৰে পৰিকল্পনা প্ৰস্তুত কৰিছিল কংগ্ৰেছে (5 guarantee of congress) ৷
‘‘আৰম্ভণিৰ পৰাই আমি অনুভৱ কৰিছিলো যে, 40 শতাংশ কমিছন লোৱা চৰকাৰৰ সৈতে ৰাইজ অতিষ্ঠ হৈ পৰিছে (Karnataka Congress) ৷ সেয়েহে, আমি নিয়মীয়াকৈ ঠিকাদাৰ সংগঠনৰ দ্বাৰা উত্থাপিত কথাবোৰ আলোকপাত কৰিছিলো ৷ আমি প্ৰচাৰৰ শেষৰ ফালে ৰাজ্য চৰকাৰৰ এক বিতং দুৰ্নীতিৰ প্ৰতিবেদন কাৰ্ড ৰাইজৰ আগত উপস্থান কৰিছিলো ৷’’ কংগ্ৰেছেৰ জ্যেষ্ঠ ৰাজ্যিক নেতা বি কে হৰি প্ৰসাদে কয় (Karnataka elections 2023) ৷
বি কে হৰিপ্ৰসাদে লগতে কয়, ‘‘আমি অনুভৱ কৰিছো যে কৰ্ণাটকৰ জনসাধৰণ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৷ যাৰ বাবে আমি বিনামূলীয়া বিদ্যুৎ, মহিলা ভাট্টা, নিবনুৱা ভাট্টা, বিনামূলীয়া চাউল আৰু মহিলাসকলৰ বাবে বিনামূলীয়া বাছ পৰিবহন যোগান ধৰাৰ কথা ঘোষণা ঘোষণা কৰিছো (Congress Karnataka campaign) ৷’’
লগতে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিজেপিয়ে চলোৱা প্ৰচাৰ অভিযান কে ‘বিষাক্ত সাপ’ৰ লগত তুলনা কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে, বিজেপিয়ে প্ৰচাৰত কেৱল কংগ্ৰেছ শাসনলৈ আহিলে হিংসা সংঘটিত হ’ব, কংগ্ৰেছে সন্ত্ৰাসবাদীক সুৰক্ষা দিয়ে, কংগ্ৰেছে মোক 91 বাৰ গালি পাৰিছিল, কংগ্ৰেছে বজৰং দলক নিষিদ্ধ কৰিব বিচাৰে আদি কথাবোৰহে উল্লেখ কৰিলে ৷ কিন্তু তেওঁলোকে ৰাইজৰ বাবে কি কৰিব সেয়া স্পষ্ট নকৰিলে ৷ এয়াই হৈছে দুয়োটা দলৰ মাজত থকা পাৰ্থক্য (Cong vs BJP in Karnataka) ৷
উল্লেখ্য যে, AICCৰ 70 গৰাকী পৰ্যবেক্ষকে বিভিন্ন সমষ্টিৰ ভোটাৰসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ বিষয়ে অৱগত কৰিছিল ৷ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত বিজেপিৰ সৈতে মৌখিক যুদ্ধত লিপ্ত হোৱাৰ পৰা কংগ্ৰেছী নেতাসকল বিৰত আছিল বুলিও কংগ্ৰেছৰ দলীয় শীৰ্ষ নেতৃত্বই সদৰী কৰিছে ৷ কিন্তু, কংগ্ৰেছৰ এই প্ৰচেষ্টা কিমান ফলপ্ৰসূ হ’ব সেয়া বা গেৰুৱা দলটোক পৰাভূত কৰাত কংগ্ৰেছৰ কৌশলে কিমান কাম দিব সেয়া ফলাফলৰ পাচতহে স্পষ্ট হ’ব (Karnataka election result date) ৷
লগতে পঢ়ক:Karnataka Election 2023 : আজি সমাপ্ত হ'ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ