অসম

assam

By PTI

Published : Oct 16, 2023, 3:47 PM IST

ETV Bharat / bharat

Mizoram Assembly polls : কংগ্ৰেছৰ ৩৯ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

মিজোৰামৰ নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল । কংগ্ৰেছে ৩৯ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । ইফালে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।

Mizoram Assembly polls
কংগ্ৰেছৰ ৩৯ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

নেশ্যনেল ডেস্ক,১৬ অক্টোবৰ :অহা ৭ নৱেম্বৰত মিজোৰামত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰ বাবে প্ৰতিটো দলে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । ইফালে ৰাজ্যখনত দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে মিজোৰামত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ৰাহুল গান্ধী উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ দলেও মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে ৩৯ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । দলটোৰ ৰাজ্যিক গোটৰ মুৰব্বী লালচাওতাক আইজল ৱেষ্ট-৩ৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে সোমবাৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ দুদিনীয়া ভ্ৰমণত আইজলত উপস্থিত হৈছে । মিজোৰাম কংগ্ৰেছ কমিটিৰ মুৰব্বী লালচাওতাক আইজল ৱেষ্ট-৩ (এছটি)ৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে লালনুনমাৱিয়া চুয়াউংগোক আইজল নৰ্থ-১ (এছটি)ৰ পৰা প্ৰাৰ্থিত্ব কৰা হৈছে ।

লালৰিন্দিকা ৰাল্টেক হাচ্ছেক (এছটি), লালহমিংথাংগা চাইলোক ডাম্পা (এছটি)ৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । একেদৰে লালৰিনমাৱিয়াই আইজল নৰ্থ-২ৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । ৪০ জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচন ৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু ভোট গণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব ।

মিজোৰামৰ উপৰিও নৱেম্বৰত দেশৰ আন ৪ খন ৰাজ্যতো নিৰ্বাচন অনুষ্ঠিত হ'ব । নিৰ্বাচনমুখী ৰাজ্যকেইখন হৈছে ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু ছত্তীশগড় । ৰাজনৈতিক বিশেষজ্ঞসকলে ৫ খন ৰাজ্যৰ এই নিৰ্বাচনক দেশৰ ২০২৪ চনৰ সংসদীয় নিৰ্বাচনৰ ছেমিফাইনেল খেল হিচাপে বৰ্ণনা কৰিছে । বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰক প্ৰতিহত কৰিবলৈ ইতিমধ্যে একত্ৰিত হৈছে দেশৰ কেইবাটাও বিৰোধী দল । বিৰোধী মিত্ৰজোঁট INDIAৰ সন্মুখত বিজেপি চৰকাৰ তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব বুলিও আশংকা কৰা হৈছে ।

লগতে পঢ়ক :Rahul Gandhi arrives in Aizawl: দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details