নিউজ ডেস্ক, ২৬ মে' :ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে 'ছেংগোল'ক লৈ চলি থকা বিতৰ্কৰ (Controversy surrounding Sengol) মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াই এই বিতৰ্কত নতুন মাত্ৰা প্ৰদান কৰিছে । অমিত শ্বাহে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছক তীব্ৰ আক্ৰমণেৰে কয় যে দলটোৱে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি ঘৃণা ভাব পোষণ কৰে (Amit Shah slams congress on sengol) ।
কংগ্ৰেছৰ যোগাযোগ বিভাগৰ মুৰব্বী জয়ৰাম ৰমেশে টুইটাৰত প্ৰকাশ কৰা এক মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে অমিত শ্বাহে এই আক্ৰমণ কৰে । উল্লেখ্য, জয়ৰাম ৰমেশে প্ৰকাশ কৰিছিল যে মাউণ্টবেটেন, ৰাজাজী বা নেহৰুৱে 'ছেংগোল'ক ব্ৰিটিছ ঔপনিৱেশিক সাম্ৰাজ্যৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা ধাৰণাটোক সমৰ্থন কৰা তথ্য-প্ৰমাণৰ অভাৱ আছে (Sengol controversy between congress and BJP) ।
ইয়াৰ প্ৰত্যুত্তৰত টুইটাৰযোগে অমিত শ্বাহে কয়, "কংগ্ৰেছ দলে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিক ইমান কিয় বেয়া পায় ? ভাৰতৰ স্বাধীনতাৰ প্ৰতীক হিচাপে তামিলনাডুৰ এটা পৱিত্ৰ মঠে পণ্ডিত নেহৰুক এই পৱিত্ৰ ছেংগোল প্ৰদান কৰিছিল । কিন্তু ইয়াক 'খোজকঢ়া লাখুঁটি'লৈ ইয়াৰ মৰ্যাদা অৱনমন কৰি এটা সংগ্ৰহালয়লৈ নিক্ষেপ কৰা হৈছিল (Congress reduced Sengol to walking stick) ।"
আনহাতে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ব্ৰিটিছৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে ৰাজদণ্ড প্ৰদান কৰা বিষয়টো সম্পূৰ্ণৰূপে 'মনেসজা' কাহিনী বুলি খাৰিজ কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "বৰ্তমান কংগ্ৰেছে আন এক লজ্জাজনক অপমান কৰিছে (Jairam Ramesh tweet on sengol) । থিৰুৱাডুথুৰাই আধিনাম হৈছে এক পৱিত্ৰ মঠ । এই মঠটোৱে নিজেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ছেংগোলৰ গুৰুত্বৰ বিষয়ে কৈছিল । কংগ্ৰেছে আধিনামৰ ইতিহাসক ভুৱা বুলি অভিহিত কৰিছে ! কংগ্ৰেছে তেওঁলোকৰ আচৰণৰ বিষয়ত চিন্তা কৰা উচিত ।"