নেশ্যনেল ডেস্ক,১৯ মাৰ্চ :ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে যৌন নিৰ্যাতন সম্পৰ্কে কৰা এক মন্তব্যৰ পাছতে আৰক্ষী তৎপৰ হৈছে । সেই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সোধা-পোছাৰ বাবে দেওবাৰে ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হয় (Delhi police at Rahul Gandhi residence)। ৰাহুল গান্ধীৰ বাসগৃহত আৰক্ষী উপস্থিত হোৱাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বিশেষকৈ কংগ্ৰেছ নেতাসকলে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে (Congress reaction)। কংগ্ৰেছৰ মতে এই ধৰণৰ তথ্য বিচাৰি অভিযান প্ৰথমবাৰৰ বাবে কৰা হৈছে । কংগ্ৰেছৰ মতে ভাৰত জোড়ো যাত্ৰা দলটোৰ এক ৰাজনৈতিক যাত্ৰাহে আছিল ।
জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে (Abhishek Manu Singhvi) কয় যে ভাৰত জোড়ো যাত্ৰা ১৪০ দিনৰ বাবে ১২ খন ৰাজ্যৰ মাজেৰে কৰা হৈছিল । সেই ভ্ৰমণ কালত ৰাহুল গান্ধীয়ে লাখ লাখ লোকক সাক্ষাৎ কৰি কয় যে এই সময়চোৱাত কোন ব্যক্তিয়ে তেওঁক কি কৈছিল সেয়া কাৰো মনত ৰখা সম্ভৱ নহয় । ইয়াৰ কোনো ৰেকৰ্ড ৰাখিব নোৱাৰি । সিংভিয়ে কয় যে ৰাজনৈতিক যাত্ৰাৰ সময়ত, মানুহে তেওঁলোকৰ নিজৰ কথা কয় । মহিলাসকলে কি অভিযোগ কৰিছিল তাৰ বিৱৰণ আৰক্ষীয়ে সোধাটো তেওঁ প্ৰথমবাৰৰ বাবে শুনিছে (Congress slams Delhi Police)।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে ইন্দিৰা গান্ধীৰ সময়তো দলে এনেদৰে কাম কৰিছিল যাৰবাবে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিছিল । ৰাহুল গান্ধীয়ে ইতিমধ্যে দিল্লী আৰক্ষীক কৈছে যে তেওঁ সকলো প্ৰশ্নৰ উত্তৰ দিব (Ashok Gehlot on Delhi Police behaviour)। তেন্তে ইমান খৰধৰ কিয় আছিল যে আৰক্ষী পুনৰ তেওঁৰ ঘৰলৈ আহিবলগীয়া হৈছে । গেহলটে লগতে কয় যে এই পদক্ষেপ দিল্লী আৰক্ষীৰ হ'ব নোৱাৰে ।