নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত যোগাযোগ বিষয়া জয়ৰাম ৰমেশে (Congress communications incharge Jairam Ramesh) শুকুৰবাৰে কয় যে, কংগ্ৰেছৰ কৰ্ণধাৰ সমিতিয়ে (Congress Steering Committee) কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ (Congress Working Committee, CWC) নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে সদস্য মনোনীত কৰাৰ ক্ষমতাৰে দলৰ সভাপতিক ক্ষমতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে । "বৈঠকত উপস্থিত থকা ৪৫ জন সদস্যৰ ভিতৰত প্ৰায় সকলোৱে সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক CWC-ৰ সদস্য মনোনীত কৰাৰ অনুমোদন দিবলৈ সন্মত হৈছে (Congress chief Kharge to nominate CWC members) ।" সংবাদ মাধ্যমক সম্বোধন কৰি ৰমেশে কয় ।
তেওঁ লগতে কয় যে, দলৰ ৩২ টা প্ৰচলিত দলীয় নীতি-নিয়মৰ ১৬ টা সংশোধনী কাৰ্যকৰী কৰা হ'বনে নাই সেই বিষয়ে আগন্তুক দুদিনৰ ভিতৰত পূৰ্ণাংগ অধিবেশনতে সিদ্ধান্ত লোৱা হ'ব । "আটাইতকৈ গুৰুত্বপূৰ্ণ সংশোধনীটো হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিত দলিত, জনজাতীয়, মহিলা আৰু যুৱসকলৰ প্ৰতিনিধিত্বৰ ওপৰত । এই পৰিৱৰ্তনবোৰ আহিব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ।" তেওঁ কয় ।
শুকুৰবাৰৰ পৰা ৰায়পুৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ পূৰ্ণাংগ অধিবেশনৰ (Congress Plenary session in Raipur) বিৱৰণ প্ৰকাশ কৰি ৰমেশে কয় যে, বিষয় সমিতিৰ বৈঠক দিনটোৰ শেষত আহ্বান কৰা হ'ব । য'ত দলটোৰ সন্মুখত উত্থাপন কৰা ছটা প্ৰস্তাৱ আলোচনা কৰা হ'ব আৰু পূৰ্ণাংগ সভাত পৰৱৰ্তী আলোচনাৰ বাবে আগবাঢ়ি যোৱা হ'ব । "শনিবাৰে পুৱা ১০.৩০ বজাত কংগ্ৰেছ সভাপতিয়ে উদ্বোধনী ভাষণ প্ৰদান কৰিব । তাৰ পিচত প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে (Congress former president Sonia Gandhi) সমবেত লোকসকলক সম্বোধন কৰিব । ইয়াৰ পিছত দুপৰীয়া প্ৰায় 1 বজাত অনুষ্ঠানটোত তিনিটা প্ৰস্তাৱ উত্থাপন কৰা হ'ব : এটা ৰাজনৈতিক প্ৰস্তাৱ, এটা অৰ্থনৈতিক প্ৰস্তাৱ আৰু আনটো বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় প্ৰস্তাৱ’’ ।