অসম

assam

ETV Bharat / bharat

Rahul Gandhi disqualification : দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ - Priyanka Gandhi slams BJP

কোনোৱে যদি ক'লা পোছাক পিন্ধি আহিছে, কোনোৱে মুখত ক'লা কাপোৰ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছে (Congress black protest)। দেশজুৰি কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ পাছতে কংগ্ৰেছৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

Rahul Gandhi disqualification
দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Mar 27, 2023, 4:42 PM IST

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ :কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাছতে দেশজুৰি দলটোৱে প্ৰতিবাদ অব্যাহত ৰাখিছে । সোমবাৰে কংগ্ৰেছে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে (Nation wide congress protest)। ৰাজঘাটত দেওবাৰৰ প্ৰতিবাদৰ পাছত দলটোৱে একেৰাহে দ্বিতীয় দিনাও প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ মাজতে আকৌ বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে দুয়োখন সদন (Parliament adjourned)।

হুলস্থূলৰ বাবে দুয়োখন সদনো স্থগিত ৰাখিবলগীয়া হৈছে । সদন স্থগিত হোৱাৰ পাছতে ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে সংসদ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

তৃণমূল কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে সোমবাৰে কংগ্ৰেছৰ সভাপতি মালিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰে । লগতে সংসদৰ প্ৰক্ৰিয়াৰ পূৰ্বে তেওঁলোকৰ ৰণনীতি সম্পৰ্কে আলোচনা কৰে । লক্ষণীয়ভাৱে টিএমচিয়ে কিন্তু এতিয়ালৈকে কংগ্ৰেছৰ প্ৰতিবাদৰ পৰা আঁতৰি আছিল আৰু অভিযোগ কৰিছিল যে বিজেপি আৰু কংগ্ৰেছ উভয়ে একে আদৰ্শ অনুসৰণ কৰে । ইফালে কংগ্ৰেছৰ সাংসদসকলে প্ৰতিবাদস্বৰূপে লোকসভালৈ ক'লা পোছাক পৰিধান কৰি যায় (Congress MPs black protest)।

উল্লেখ্য যে দেওবাৰে ৰাজঘাটত অনুষ্ঠিত 'সংকল্প সত্যাগ্ৰহ'ত পি চিদাম্বৰম, জয়ৰাম ৰমেশ, ছলমান খুৰশ্বীদ, প্ৰমোদ তিৱাৰী, অজয় মাকেন, মুকুল ৱাছনিক আৰু অধীৰ ৰঞ্জন চৌধুৰীৰ দৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলেও অংশগ্ৰহণ কৰে (Congress Rajghat protest)। সমান্তৰালকৈ বিভিন্ন ৰাজ্যত কংগ্ৰেছ কৰ্মীসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে দেওবাৰে প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে (Priyanka Gandhi slams BJP)। তেওঁ বিজেপিক তেওঁৰ স্বৰ্গীয় পিতৃ ৰাজীৱ গান্ধীক উৎপীড়ন কৰা, তেওঁৰ ভাতৃ ৰাহুল গান্ধীক 'মীৰ জাফৰ' বুলি অভিহিত কৰা আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীক আক্ৰমণ কৰাৰ অভিযোগ কৰিছে । তেওঁৰ মতে এনে ধৰণৰ অপমানজনক মন্তব্য দিয়াৰ বাবে কাকোৱে কিন্তু অযোগ্য ঘোষণা কৰা হোৱা নাই ।

মল্লিকাৰ্জুন খাৰ্গেও কৈছিল যে বিজেপিয়ে অ'বিচি সম্প্ৰদায়ক আক্ৰমণ কৰাৰ বাবে ৰাহুল গান্ধীক সমালোচনা কৰিছে । কিন্তু ললিত মোডী, নীৰৱ মোডী, মেহুল চ'ক্সি অ'বিচি নহয় আৰু তেওঁলোকে মানুহৰ ধন লৈ পলায়ন কৰিছে । সেই পলাতকসকলক সমালোচনা কৰিলে বিজেপিয়ে কিয় দুখ পাই বুলিও তেওঁ প্ৰশ্ন কৰে ।

লগতে পঢ়ক :Protest against Rahul disqualification : প্ৰধানমন্ত্ৰীক কাপুৰুষ আখ্যা প্ৰিয়ংকা গান্ধীৰ

ABOUT THE AUTHOR

...view details