নেশ্যনেল ডেস্ক,১৭ মাৰ্চ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে এক বিশেষাধিকাৰ প্ৰস্তাৱ উত্থাপন কৰে কংগ্ৰেছ সাংসদ কেচি বেণুগোপালে (Congress moved a privilege motion against PM)। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ৰাজ্যসভাত বিশেষাধিকাৰ প্ৰস্তাৱ উত্থাপন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ।
নেতাগৰাকীয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে "অপমানজনক, বিদ্বেষপূৰ্ণ আৰু মানহানিকৰ মন্তব্য" কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বিশেষাধিকাৰ প্ৰস্তাৱ উত্থাপনৰ লগতে অভিযোগ কৰি কয় যে তেওঁলোকৰ গোপনীয়তা ভংগ কৰা আৰু আদালতৰ অৱমাননাৰ সমান এই অপৰাধ । ৰাজ্যসভাত প্ৰক্ৰিয়া আৰু পৰিচালনাৰ নিয়ম ১৮৮ ৰ অধীনত এই বিশেষাধিকাৰ প্ৰস্তাৱ বিচৰা হৈছে । কংগ্ৰেছ নেতাগৰাকীয়ে ৯ ফেব্ৰুৱাৰীৰ ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সময়ত প্ৰধানমন্ত্ৰী মোডীৰ মন্তব্যৰ কথা উল্লেখ কৰে ।
ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাত প্ৰধানমন্ত্ৰী মোডীয়ে ৯ ফেব্ৰুৱাৰীত কৈছিল যে যদি নেহৰুজীৰ নাম তেওঁৰ দ্বাৰা বাদ দিয়া হয় তেন্তে তেওঁ ভুলটো সংশোধন কৰিব কিয়নো তেওঁ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল (PM Modi parliament speech)। কিন্তু, তেওঁৰ সন্দেহ হয় নেহৰুজীৰ গোত্ৰৰ যিকোনো লোকে নেহৰু উপাধি ব্যৱহাৰ কৰিবলৈ ভয় কৰে ।
ইয়াত কৈ লজ্জাজনক কি আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নও কৰিছিল ? যেতিয়া তেওঁৰ পৰিয়ালে এই বৃহৎ দায়িত্ব পালন কৰিব নোৱাৰে তেনেহ'লে চৰকাৰক কিয় প্ৰশ্ন কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল (PM Modi statement on Gandhi family)।