নিউজ ডেস্ক, ১৬ আগষ্ট:আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধী দলৰ মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে । আনহাতে, কংগ্ৰেছে সকলো ৰাজ্যতে দলটোৰ সংগঠনক শক্তিশালী কৰাৰ লগতে লোকসভা নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বানেৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে । এই সন্দৰ্ভত বুধবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীৰ কংগ্ৰেছ নেতাৰ সৈতে বৈঠকত মিলিত হয় । প্ৰায় ৩ ঘণ্টা ধৰি অনুষ্ঠিত হয় এই বৈঠক । সূত্ৰ অনুসৰি আম আদমী পাৰ্টিৰে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাত দিল্লী কংগ্ৰেছৰ নেতাসকলে আপত্তি কৰিছে ।
দিল্লী কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত সভাপতি মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধীয়ে "দিল্লী যাৰ, দেশ তাৰ" কৰ্মকৰ্তাসকলক এই বাৰ্তা প্ৰেৰণ কৰিবলৈ দলৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল । বৈঠকত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অলকা লাম্বাই কয় যে এতিয়ালৈকে শীৰ্ষ নেতৃত্বই ১৮খন ৰাজ্যৰ দলীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে । আজি ১৯ নং দিল্লী ৰাজ্যৰ নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত হয় । ইয়াৰ সাতখন আসনতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সকলোকে সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছিল ।
বৈঠকত দলটোৰ সংগঠনক শক্তিশালী কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ ওপৰত আলোচনা কৰা হয় । ৭ মাহ আৰু ৭ খন আসন (দিল্লী লোকসভা) । সংগঠনৰ তৰফৰ পৰা যাক যি নিৰ্দেশ দিয়া হ’ব, আমি পালন কৰিম । সকলোৱে বিষয়বোৰ জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব ।
কংগ্ৰেছ নেত্ৰী অলকা লাম্বাৰ বক্তব্যৰ পিছত আপ নেতা তথা মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় , এনেবোৰ কথা আহি থাকিব । যেতিয়া I.N.D.I.A ৰ সকলো নেতৃত্ব একেলগে বহিব, দলৰ শীৰ্ষ নেতৃত্বই আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰিব ৷ তেতিয়াহে গম পোৱা যাব কোন দলে কোনখন আসন লাভ কৰিছে ।
ইফালে দিল্লী কংগ্ৰেছৰ সভাপতি অনিল কুমাৰে কয়, ৰাষ্ট্ৰীয় বিষয়ত আলোচনা হৈছে । দিল্লীক লৈ বহুদিনৰ পৰা চৰ্চা চলি আহিছে । দিল্লীৰ জনসাধাৰণে আজিও স্মৰণ কৰি আছে শীলা দীক্ষিতৰ কৰ্মৰাজি । সংগঠনক শক্তিশালী কৰিব লাগিব । আজিৰ বৈঠকৰ পাছত ২০২৪ চনতো কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিব আৰু ২০২৫ চনত দিল্লী বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ প্ৰদৰ্শন ভাল হ’ব । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয় নিশ্চিত ।
দিল্লী কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত সভাপতি মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধীয়ে
নাম প্ৰকাশ অনিচ্ছুক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই কয়, আজিৰ বৈঠকত বহু নেতাই মিত্ৰতা সন্দৰ্ভত নিজৰ মতামত ৰাখিলে । আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত সকলোৱে আপত্তি প্ৰকাশ কৰিছে । হাইকমাণ্ডৰ পৰাও নিৰ্দেশ পোৱা গৈছে যে, দিল্লীৰ সাতখন আসনতে জয়ী হ’বলৈ আমি নিজাববীয়াকৈ প্ৰস্তুতি চলাব লাগিব । দিল্লীৰ জনসাধাৰণে কংগ্ৰেছৰ কাম-কাজ দেখিছে । আজিও তেওঁলোকে নাম লৈছে । এতিয়া আমি তেওঁলোকৰ আস্থা আৰু অধিক শক্তিশালী কৰিব লাগিব । আজিৰ পৰাই আমি ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব । এই বৈঠকত অজয় মাকেন, সন্দীপ দীক্ষিত, অলকা লাম্বা, হাৰুণ ইউছুফ, হৰিশংকৰ, অনিল কুমাৰ চৌধুৰী, অমৃতা ধাৱনকে ধৰি দিল্লী কংগ্ৰেছৰ নেতাসকল উপস্থিত থাকে ।
লগতে পঢ়ক:AAP-Congress in Delhi: আপ-কংগ্ৰেছৰ সম্পৰ্কত ফাঁট ! কেজৰিৱালে বৰ্জন কৰিব I.N.D.I.A গোটৰ তৃতীয় বৈঠক !