অসম

assam

ETV Bharat / bharat

Congress plenary session: আজি অন্ত পৰিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশন - মল্লিকাৰ্জুন খাৰ্গে

আজি সমাপ্ত হ’ব নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশন (Congress plenary session) ৷ আজিৰ অধিৱেশনত কংগ্ৰেছৰ মুঠ 6 টা প্ৰস্তাৱৰ ভিতৰত কৃষি আৰু কৃষক কল্যাণ, সামাজিক ন্যায় আৰু সৱলীকৰণ, যুৱ শিক্ষা আৰু নিযুক্তিৰ ওপৰত হ’ব বিতৰ্ক ৷ বিয়লি তিনি বজাত উলিওৱা হ’ব বিশাল ৰেলী ৷

Congress plenary session
আজি অন্ত পৰিব নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশন

By

Published : Feb 26, 2023, 10:43 AM IST

নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী: ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত অনুষ্ঠিত হৈ থকা নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি অন্তিম দিন (Congress plenary session) ৷ 24 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অধিৱেশন ৷ পুৱা 9.30 বজাৰ আৰম্ভ হ’ব অন্তিম দিনৰ কাৰ্যসূচী ৷

দেওবাৰৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাবে কৃষি আৰু কৃষক কল্যাণ, সামাজিক ন্যায় আৰু সৱলীকৰণ, যুৱ শিক্ষা আৰু নিযুক্তিৰ ওপৰত বিতৰ্ক অনুষ্ঠিত কৰি গ্ৰহণ কৰা হ’ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ দিনৰ 11 বজাৰ পৰা আৰম্ভ হ’ব এই বিতৰ্ক আৰু আলোচনাচক্ৰ ৷ ইয়াৰ পূৰ্বে পুৱা 10.30 বজাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অধিৱেশনত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ নেতা-কৰ্মী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাহুল গান্ধীয়ে (Rahul Gandhi) ৷ য’ত উপস্থিত থাকিব নিখিল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলো (Congress plenary session last day) ৷

ইফালে, অন্তিম দিনৰ অন্তিম কাৰ্যসূচী হিচাবে বিয়লি 3 বজাত উলিওৱা হ’ব এটা বিশাল সমদল ৷ শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় দিনৰ কাৰ্যসূচীত নিখিল কংগ্ৰেছৰ সংবিধানত কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ৷ চহৰসমূহত বুথ কমিটি, পঞ্চায়ত কংগ্ৰেছ কমিটী, ৱাৰ্ড কংগ্ৰেছ কমিটী, মধ্যৱৰ্তী কংগ্ৰেছ কমিটি বা মণ্ডল কমিটী, ব্লক কংগ্ৰেছ কমিটী, জিলা কংগ্ৰেছ কমিটী আৰু প্ৰদেশ কংগ্ৰেছ কমিটী গঠন কৰাৰ বাবে নতুনকৈ গঠন কৰা হয় এটা বিশেষ গোট (Congress 85th plenary session) ৷

লগতে, এতিয়াৰে পৰা কংগ্ৰেছ দলত অনুসূচীত জাতি, অনুসূচীত জনজাতি, জনজাতীয় পিচ পৰা শ্ৰেণীৰ বাবে 50 শতাংশ সংৰক্ষণ থাকিব । এই 50 শতাংশ সংৰক্ষণৰ ভিতৰত আৰু বাকী থকা অসংৰক্ষিতৰ 50 শতাংশৰ ভিতৰত 50 শতাংশ মহিলা আৰু 50 শতাংশ হ'ব 50 বছৰৰ তলৰ লোক । এতিয়াৰে পৰা কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ (Congress working committee) সদস্যৰ সংখ্যা হ’ব 35 গৰাকী ৷ য'ত 50 শতাংশ CWC ৰ সদস্য অনুসূচীত জাতি, অনুসূচীত জনজাতি, জনজাতীয়, সংখ্যালঘু, যুৱক আৰু মহিলাৰ বাবে সংৰক্ষিত থাকিব ।

শনিবাৰে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল, 2025 চনৰ 1 জানুৱাৰীৰ পৰা কংগ্ৰেছত কোনো কাগজী সদস্য নাথাকিব ৷ অৰ্থাৎ কংগ্ৰেছৰ সকলো সদস্যৰ তালিকা অনলাইন যোগে সংৰক্ষিতৰ কৰাৰ লগতে সদস্যৰ অন্তৰ্ভুক্তিও হ’ব অনলাইনযোগে ৷ কংগ্ৰেছৰ সদস্য পদ ল’বৰ বাবে অনলাইনত পূৰণ কৰিব লগা পত্ৰত এতিয়াৰে পৰা পিতৃৰ নাম লিখাৰ উপৰিও লিখিব লাগিব মাতৃ আৰু পত্নী অথবা স্বামীৰ নাম ৷

লগতে পঢ়ক:Congress plenary session: নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন

ABOUT THE AUTHOR

...view details