নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ :চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ'ব পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন । তেলেংগানা, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু মিজোৰাম বিধানসভাৰ নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠি হ'ব । তাৰ বাবে বিজেপি-কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৰণনীতি গ্ৰহণ কৰিছে । কংগ্ৰেছে নিৰ্বাচনমুখী তেলেংগানাত অ'বিচি ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছে । লগতে সম্প্ৰদায়টোৰ পৰা গুৰুত্বপূৰ্ণ প্ৰাৰ্থী প্ৰদান কৰাৰো পৰিকল্পনা কৰিছে । এই সম্প্ৰদায়টো হৈছে ৰাজ্যখনৰ প্ৰায় ৫২ শতাংশ ভোটাৰ । কংগ্ৰেছে দলটোৰ তিনিজন অ'বিচি মুখ্যমন্ত্ৰী কৰ্ণাটকৰ পৰা কে সিদ্দাৰামাইয়া, ৰাজস্থানৰ পৰা অশোক গেহলট আৰু ছত্তীশগড়ৰ পৰা ভূপেশ বাঘেলক অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া সম্প্ৰদায় সংযোগ অভিযান আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে ।
"হয়, আমি অ'বিচিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ, যি হৈছে ৰাজ্যখনৰ প্ৰায় ৫২ শতাংশ ভোটাৰ । আমি উক্ত সম্প্ৰদায়টোৰ সৈতে সংযোগ স্থাপনৰ বাবে এক অভিযানৰ পৰিকল্পনা কৰি আছোঁ । য'ত আমি আমাৰ মুখ্যমন্ত্ৰীসকলক চাবলৈ আশাকৰোঁ ।" তেলেংগানাৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক মাণিকৰাও থাকৰেয়ে ইটিভি ভাৰতক কয় । কংগ্ৰেছৰ ৰণনীতিবিদসকলৰ মতে, সিদ্দাৰামাইয়াই ১০ অক্টোবৰৰ ওচৰে-পাজৰে অ'বিচি প্ৰচাৰ আৰম্ভ কৰিব । কিয়নো কৰ্ণাটকত তেওঁৰ যথেষ্ট প্ৰভাৱ আছে আৰু চুবুৰীয়া তেলেংগানাৰ ভোটাৰসকলকো আকৰ্ষিত কৰিব পাৰে ।
"আমি আশাকৰোঁ যে কৰ্ণাটকত আমাৰ প্ৰদৰ্শনে তেলেংগানাতো প্ৰভাৱ পেলাব । আমাৰ নেত্ৰী ছোনিয়া গান্ধীয়ে ইয়াত ভোটাৰসকলক ছয়টা প্ৰতিশ্ৰুতি দিছে আৰু সিদ্দাৰামাইয়াৰ উপস্থিতিয়ে প্ৰদৰ্শন কৰিব যে কংগ্ৰেছে নিজৰ প্ৰতিশ্ৰুতি পালন কৰে ।" থাকৰেয়ে কয় । এই অ'বিচি নেতাসকলে দলটোত থকা গুৰুত্বপূৰ্ণ স্থিতিবোৰ প্ৰদৰ্শন কৰিবলৈ আৰু লগতে ৰাজস্থান আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীসকলে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিসমূহৰ ওপৰত আলোকপাত কৰিবলৈ গেহলট আৰু বাঘেলকো উক্ত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।