নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ:কংগ্ৰেছে শনিবাৰে মহিলা সংৰক্ষণ বিধেয়কৰ কেইবাটাও বিসংগতি উলিয়াই আৰু কয় যে লোকসভা আৰু ৰাজ্যিক বিধানসভাত 33 শতাংশ আসন সংৰক্ষণৰ বাবে মহিলাসকলক বেছি সময় অপেক্ষা কৰাব নালাগে ৷ কংগ্ৰেছ নেতাসকলৰ মতে, মঙলবাৰে লোকসভাত চৰকাৰে উত্থাপন কৰা বিধেয়কখনত মুখ্যত দুটা বিসংগতি আছে ৷
কংগ্ৰেছে চৰকাৰক বিসংগতি আঙুলিয়াই দি কয় যে আসনসমূহ (quota) লোকপিয়ল আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ সৈতে সংযুক্ত কৰা হৈছিল যাৰ বাবে কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাছিল । দলৰ নেতাসকলে আঙুলিয়াই দিয়ে যে চৰকাৰে 2021 চনৰ লোকপিয়লৰ তথ্য লোৱা নাই ৷ 2011 চনত অন্তিম লোকপিয়ল অনুষ্ঠিত হোৱাৰ পিছত নিৰ্ধাৰিত সময়সূচী অনুসৰি 2021 চনৰ পিয়ল হ’ব লাগিছিল ৷
লগতে, সমগ্ৰ দেশত এক নতুন লোকপিয়ল অনুষ্ঠিত কৰা, ইয়াৰ তথ্য সঠিকভাৱে বিশ্লেষণ কৰা আৰু তাৰ পিছত প্ৰতিবেদন প্ৰকাশ কৰা আৰু এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ প্ৰায় দুবছৰ সময় লাগিব ৷ লগতে, সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে চৰকাৰে প্ৰথমে এক বিশেষজ্ঞ সমিতি ঘোষণা কৰিব লাগিব যিয়ে লোকপিয়লৰ তথ্য ব্যৱহাৰ কৰি প্ৰতিবেদন দাখিল কৰিব । ইয়াৰ বাবেও বহুবছৰৰ প্ৰয়োজন হ’ব ৷ এনে প্ৰেক্ষাপটত 2029 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া কাৰ্যকৰী কৰিব পৰা নাযাব বুলি কংগ্ৰেছে আশংকা প্ৰকাশ কৰিছে ৷
বিধেয়কখনক লৈ ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি AICCৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে চৰকাৰে দলৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধীয়ে উত্থাপন কৰা দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ সমাধান কৰিব লাগিব ।