অসম

assam

ETV Bharat / bharat

তিনি ৰাজ্যত পৰাজয় অভাৱনীয়; লোকসভা নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দিতাৰ আশা খাৰ্গেৰ - লোকসভা নিৰ্বাচন 2024

আজি চাৰি ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে তেলেংগানাবাসীক কংগ্ৰেছৰ বিজয়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

Congress' performance in MP, Chhattisgarh, Rajasthan disappointing: Kharge
ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছৰ ফলাফল হতাশজনক - মল্লিকাৰ্জুন খাৰ্গে

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 5:57 PM IST

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ : "মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল হতাশজনক ৷ যদিও আমি এই ‘অস্থায়ী বিফলতা’ অতিক্ৰম কৰি I.N.D.I.A. মিত্ৰজোঁটৰ সৈতে লোকসভা নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাম ৷" দেশৰ চাৰি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাৰ সন্দৰ্ভত দেওবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে খাৰ্গেই X ত এটা পোষ্টযোগে তেলেংগানাবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয় যে, তেলেংগানাত কংগ্ৰেছে বিআৰএছক ক্ষমতাৰ পৰা উৎখাত কৰি চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। দলটোৱে এই চাৰিওখন ৰাজ্যতে একেদৰেই প্ৰচাৰ চলাইছিল ৷ এই প্ৰচাৰ সহায় সহযোগিতা আগবঢ়োৱা লাখ লাখ কংগ্ৰেছ কৰ্মীৰ প্ৰচেষ্টাক কৃতজ্ঞতা জ্ঞাপন কৰে খাৰ্গেই ৷

"আমি তেলেংগানাবাসীক এই জনাদেশৰ বাবে ধন্যবাদ জনাইছো । ছত্তীশগড়, মধ্য প্ৰদেশ আৰু ৰাজস্থানত আমাক ভোট দিয়া সকলো ভোটাৰক মই ধন্যবাদ জনাইছোঁ। এই তিনিখন ৰাজ্যত আমাৰ ফলাফল নিঃসন্দেহে হতাশাজনক আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত আমি দৃঢ়তাৰে এই তিনিখন ৰাজ্যত পুনৰ আমাৰ ক্ষমতা ঘূৰাই আনিম ৷" খাৰ্গেই কৰ্মীসকলক হতাশ হ’বলৈ নিদি এইদৰে আশ্বাস প্ৰদান কৰে ৷

উল্লেখ্য যে আজি পুৱাৰে পৰা চলি থকা চাৰিখন ৰাজ্যৰ ভোটগণনাত কংগ্ৰেছৰ দুৰ্গ ৰাজস্থান আৰু ছত্তীশগড়ৰ পৰা কংগ্ৰেছক উৎখাত কৰি বিজেপি দলে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷ আনহাতে মধ্য প্ৰদেশত বৃহৎ ব্যৱধানত কংগ্ৰেছক পৰাভূত কৰি বিজেপি আগবাঢ়ি আছে ৷

ইফালে সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই চাৰি ৰাজ্যৰ এই বিধানসভা নিৰ্বাচনক ছেমি ফাইনেল হিচাপে কিছুৱে অভিহিত কৰিছিল ৷ কিন্তু ছেমি ফাইনেলতে কংগ্ৰেছৰ এই মুখ থেকেছাই বিজেপিক নিশ্চিতভাৱে শক্তিশালী কৰি তুলিছে ৷

আনহাতে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে 2024 চনৰ লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে বিজেপিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়নমূলক অন্তৰ্ভুক্ত মিত্ৰজোঁট (I.N.D.I.A.) গঠন কৰিছে । এতিয়া সময়েহে ক’ব পুনৰ ক্ষমতালৈ আহিবলৈ সক্ষম হ’বনে কংগ্ৰেছ ?

লগতে পঢ়ক:হিন্দীবলয়ত সম্পূৰ্ণৰূপে উৎখাত হ’ল কংগ্ৰেছ !

ABOUT THE AUTHOR

...view details