নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী :শুকুৰবাৰে পুৱাৰ ভাগত এখন সংবাদমেলত কংগ্ৰেছ নেতা পৱন খেৰাই (Congress leader Pawan Khera) প্ৰধানমন্ত্ৰীৰ (PM Narendra Modi) প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ 'গৌতমদাস' মোদী বুলি অভিহিত কৰাৰ পিচত টুইটাৰতো এই বিষয়ত চৰ্চিত হৈ পৰে । অৱশ্যে নেতাজনে স্পষ্ট কৰি দিয়ে যে, এইটো প্ৰকৃততে এটা ভুল আছিল । কিন্তু তেওঁৰ এই মন্তব্যৰ পিচত কেইবাজনো বিজেপি নেতা আৰু সমৰ্থকে তেওঁক ‘‘প্ৰধানমন্ত্ৰীৰ পিতৃক উপহাস’’ কৰা বুলি তীব্ৰ সমালোচনা কৰে ।
শুকুৰবাৰে নতুন দিল্লীত সংবাদমেলৰ সময়ত খেৰাই চলিত আদানী-হিণ্ডেনবাৰ্গ কাণ্ডৰ (Adani Hindenburg row) তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি গঠনৰ বাবে (Joint Parliamentary Committee, JPC) বিৰোধীৰ দাবী মানি লোৱাত দ্বিধাবোধৰ কৰা বুলি প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে । তেওঁ কয়, "যদি নৰসিংহ ৰাওৰ (Narsimha Rao) জেপিচি গঠন কৰাত কোনো সমস্যা নহয়, যদি অটল বিহাৰী বাজপেয়ীয়ে (Atal Bihari Vajpayee) জেপিচি গঠন কৰিব পাৰে, তেন্তে নৰেন্দ্ৰ মোদীৰ কি সমস্যা... গৌতমদাস... দুঃখিত, দামোদৰদাস মোদীৰ আছেনে ?" কংগ্ৰেছ নেতাজনে লগতে কয়, 'এয়া গৌতমদাস নে দামোদৰদাস ?'
অৱশ্যে পৰৱৰ্তী সময়ত তেওঁৰ মন্তব্যৰ ওপৰত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰশমন ঘটাবলৈ প্ৰসংগ সলনি কৰাৰ পূৰ্বে খেৰাই কৈছিল, "নাম দামোদৰদাস হ্যে, লেকিন কাম গৌতমদাস জৈসা হ্যে । (নামটো দামোদৰদাস, কিন্তু কাৰ্যবোৰ গৌতমদাসৰ দৰে) ।" অৱশ্যে তেওঁৰ বক্তব্য আগবঢ়াই নিয়াৰ সময়ত হাস্যৰসৰো সৃষ্টি হৈছিল ।
আনহাতে, কেইবাজনো নেতাই ভিডিঅ'টো পুনৰ পোষ্ট কৰাত খেৰাক এক বিতৰ্কৰ মাজলৈ টানি লৈ যায় । টুইটাৰত বিজেপি নেতা অমিত মালব্যয়ই দাবী কৰে যে মোদীৰ 'নম্ৰ পাৰিবাৰিক পটভূমি' ক্ষতিগ্ৰস্ত কৰাৰ বাবে কংগ্ৰেছৰ এয়া আন এটা প্ৰচেষ্টা ।
"কংগ্ৰেছে বাৰে বাৰে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ পৰিয়ালৰ নম্ৰ পটভূমিৰ বাবে লক্ষ্য কৰি লৈছে আৰু এতিয়া তেওঁলোকে তেওঁৰ প্ৰয়াত পিতৃকো ৰেহাই দিয়া নাই, যাৰ ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নাছিল ৷ কংগ্ৰেছে সমালোচনা কৰিবলৈ যোৱা বিষয় আৰু এজন স্বমহিমামণ্ডিত মানুহৰ প্ৰতি ঘৃণা এগৰাকী উচ্চাকাংক্ষী ভাৰতীয়ৰ সৈতে ভালদৰে খাপ খোৱা নাই ।" খেৰাৰ ভিডিঅ'টোৰ সৈতে মালব্যয়ৰ টুইটৰ শিৰোনামটোত এনেদৰে লিখিছে ।
এই কাৰ্যক 'একেবাৰে ঘৃণনীয়' বুলি উল্লেখ কৰি আন এগৰাকী বিজেপি নেতা প্ৰীতি গান্ধীয়েও টুইটাৰযোগে কংগ্ৰেছ নেতাগৰাকীক সমালোচনা কৰে । "পৱন খেৰাই তেওঁৰ নেতাসকলৰ ওচৰত তেওঁৰ প্ৰমাণ-পত্ৰ আৰু মূল্য প্ৰমাণ কৰিবলৈ ইমানেই ব্যাকুল হৈ পৰিছে যে তেওঁ মাননীয় প্ৰধানমন্ত্ৰীৰ পিতৃক অপবাদ দিবলৈ নামি পৰিছে । এয়া একেবাৰে ঘৃণনীয় !!" সোমবাৰে পোষ্ট কৰা তেওঁৰ টুইটটোত এনেদৰে লিখে ।
আনহাতে, চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়েও (Filmmaker Vivek Agnihotri) ভিডিঅ'টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে খেৰাই নিজৰ কবৰ নিজে খান্দিছে । খেৰাৰ ভিডিঅ'ৰ সৈতে পোষ্ট কৰা টুইটটোৰ শিৰোনামত তেওঁ লিখিছে, "মানুহে নিজৰ পৰিয়ালৰ নাম ব্যৱহাৰ কৰিবলৈ লাজ পাইছিল যেনে; ' ৰাজীৱ 'ফিৰোজ' ঘেণ্ডি, ছোনিয়া 'ষ্টেফানো' ঘেণ্ডি, প্ৰিয়ংকা 'ৰবাৰ্ট' ভাদ্ৰা । এইবোৰে এনে এজনক উপহাস কৰিছে যিয়ে তেওঁৰ উত্তৰাধিকাৰীক গৌৰৱেৰে ব্যৱহাৰ কৰে । এই কৌতুকৰ মূল্য যথেষ্ট গধুৰ হ'ব । মণিশংকৰ আয়াৰৰ পিছত পৱন খেৰাই নিজৰ কবৰ খনন কৰিছে ।"
ইফালে এক স্পষ্টীকৰণ প্ৰকাশ কৰি খেৰাই দাবী কৰে যে এইটো প্ৰকৃততে এটা বিভ্ৰান্তি, যাৰ ফলত এই ভুল হৈছিল । "মই সঁচাকৈয়ে বিভ্ৰান্ত হৈ পৰিছিলোঁ যে সেয়া দামোদৰদাস নে গৌতমদাস...।" তেওঁ এনেদৰে টুইট কৰে । উল্লেখ্য, বিজেপি নেতা আৰু সমৰ্থকসকলে বিৰোধী নেতাজনক ইয়াৰ বাবে তীব্ৰ সমালোচনা কৰি আছে ।
লগতে পঢ়ক :Uddhav Thackeray slams EC : নিৰ্বাচন আয়োগ ভংগ কৰাৰ দাবী উদ্ধৱ থাকৰেৰ