নিউজ ডেস্ক, 24 মাৰ্চ: গুজৰাটৰ চূৰাট আদালতে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিচত শুকুৰবাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হ’ল ৷ বিৰোধী দল কংগ্ৰেছ আৰু শাসকীয় বিজেপি দলৰ মাজত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাহুলৰ অযোগ্য ঘোষণাক লৈ বিজেপিক লক্ষ্য কৰি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ৰাজনৈতিক প্ৰতিশোধৰ অভিযোগ উত্থাপন কৰে (Oppositions reaction on Rahul disqualification)।
সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অভিযোগ কৰে যে, বিজেপিয়ে সদায় ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰিব বিচাৰিছিল ৷ কাৰণ তেওঁলোকে সঁচা কথা কোৱাসকলক দমন কৰিব বিচাৰে । খাৰ্গেয়ে স্পষ্ট কৰি দিয়ে যে, যিয়েই নহওক কিয় কংগ্ৰেছে আদানী-হিণ্ডেনবাৰ্গৰ বিবাদত যুটীয়া সংসদীয় সমিতিৰ দাবী অব্যাহত ৰাখিব (Reaction on Rahul Gandhis disqualification) ৷
"মোডী চৰকাৰে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক আটাইতকৈ বেছি ভয় কৰা যেন লাগে । গণতন্ত্ৰক হত্যা কৰিবলৈ ৰাহুল গান্ধীৰ সংসদৰ সদস্য পদ বাতিল কৰিলে । সঁচা কথা কোৱাসকলক নীৰৱ কৰিব বিচাৰে । দেশবাসীয়ে এই একনায়কত্ববাদক সহ্য নকৰে । আনকি আমি জেললৈও যাম । গণতন্ত্ৰ ৰক্ষা কৰক ।’’ এইদৰে টুইটত উল্লেখ কৰে খাৰ্গেয়ে (Rahul Gandhi disqualified form parliament)।
লগতে পঢ়ক:Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী
এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে কয় যে, মোডী-শ্বাহ যুটি আৰু বিজেপিৰ পৰা আশা কৰা ধৰণেই তেওঁলোকে ৰাহুল গান্ধীক সংসদত কথা ক’বলৈ নিদিলে । তেওঁ বিজেপিক প্ৰত্যাহ্বান জনাই কয় যে, গেৰুৱা দলটোৱে ৰাহুল গান্ধীক মানুহৰ ওচৰলৈ যোৱাত বাধা দিব নোৱাৰে ৷ "আমি যদি ৰাইজৰ ওচৰলৈ হাত পাওঁ তেন্তে আপুনি (বিজেপি) কি কৰিব ? আপুনি আমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবনে ?" সিঙে কয় (Case against Rahul Gandhi) ৷