অসম

assam

By

Published : Apr 15, 2023, 5:28 PM IST

ETV Bharat / bharat

Karnataka assembly polls : কৰ্ণাটকত দলৰ বিজয় নিশ্চিত বুলি দাবী কৰিলে কংগ্ৰেছ দলে

৬৬ জন এআইচিচি পৰ্যবেক্ষকৰ ভিতৰত পিচিচিৰ প্ৰাক্তন মুৰব্বী এন ৰঘুবীৰা ৰেড্ডী, প্ৰাক্তন মুম্বাই ইউনিটৰ মুৰব্বী সঞ্জয় নিৰুপম, সাংসদ বেনী বেহানন, সাংসদ কাৰ্তি চিদাম্বৰম আৰু সাংসদ জোতিমণিকে ধৰি পাঁচজন জ্যেষ্ঠ নেতাক কেৱল ৰাজধানী বেংগালুৰু চহৰৰ বাবে নিয়োগ কৰা হৈছে, য’ত প্ৰায় ২৫ খন বিধানসভা আছে আসন (Karnataka assembly polls) ।

Congress names 66 AICC observers
৬৬ জন এআইচিচিৰ পৰ্যবেক্ষকৰ নাম ঘোষণা

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : অহা ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰে কংগ্ৰেছে ৬৬ জন এআইচিচিৰ পৰ্যবেক্ষকৰ নাম ঘোষণা কৰে । ৬৬ জন এআইচিচিৰ পৰ্যবেক্ষকৰ ভিতৰত পিচিচিৰ প্ৰাক্তন মুৰব্বী এন ৰঘুবীৰা ৰেড্ডী, মুম্বাইৰ প্ৰাক্তন ইউনিট মুৰব্বী সঞ্জয় নিৰুপম, সাংসদ বেনী বেহানন, সাংসদ কাৰ্তি চিদাম্বৰম আৰু সাংসদ জোতিমণিকে ধৰি পাঁচজন জ্যেষ্ঠ নেতাক কেৱল ৰাজধানী বেংগালুৰু চহৰৰ বাবে নিয়োগ কৰা হৈছে ৷ য’ত আছে প্ৰায় ২৫ খন বিধানসভাৰ আসন । অৰ্থাৎ এজন পৰ্যবেক্ষকৰ বিপৰীতে আছে পাঁচখনকৈ আসন (Karnataka assembly polls )। বাকী ৬১ জন পৰ্যবেক্ষকক অতি সোনকালে বিধানসভাৰ আসনৰ দায়িত্ব দিয়া হ’ব বুলি দলটোৱে জানিবলৈ দিয়ে ।কৰ্ণাটক বিধানসভাত মুঠ ২২৪ খন আসন আছে (AICC observers) ৷

কৰ্ণাটকৰ জ্যেষ্ঠ নেতা প্ৰকাশ ৰাথোড়ৰ মতে, ৰাজ্যিক ইউনিটৰ ডি কে শিৱ কুমাৰ আৰু চি এল পিৰ নেতা কে সিদ্ধাৰমাইয়াই বিগত এমাহত প্ৰায় ১৫০ খন আসনত “প্ৰজা ধ্বনি” নামৰ গণ প্ৰচাৰ কাৰ্যসূচী সম্পূৰ্ণ কৰে ৷ এতিয়া মে’ মাহৰ পূৰ্বে তৃণমূল পৰ্যায়ত কামবোৰৰ তদাৰক কৰি আছে বুলি জানিবলৈ দিয়ে । এই পৰ্যন্ত কংগ্ৰেছ দলটোৱে ২০৭/২২৪ গৰাকী প্ৰাৰ্থীৰ নাম উল্লেখ কৰি নিজ নিজ অঞ্চলত প্ৰচাৰত ব্যস্ত হৈ পৰিছে (All India Congress Committee) ।

বাকী আসনসমূহ যিকোনো সময়তে ঘোষণা কৰা হ’ব বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে । জ্যেষ্ঠ নেতা সুৰজ হেগড়েই ভোটাৰসকলক নিবনুৱা ভাট্টা, মহিলা ভাট্টা আদিৰ আশ্বাস প্ৰদান কৰে । জয়ৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে ৷ দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী নিৰ্বানী প্ৰচাৰ চলাবলৈ আহিব বুলি দলে জানিবলৈ দিয়ে (Congress chances in karnataka polls) ।

“এই এআইচিচিৰ পৰ্যবেক্ষকসকল হৈছে জ্যেষ্ঠ নেতা, বিধায়ক, সাংসদ, আৰু প্ৰাক্তন মন্ত্ৰী যিয়ে নিজৰ নিৰ্বাচনী যুঁজৰ অভিজ্ঞতা কৰ্মক্ষেত্ৰত খটুৱায় । ইয়াৰ উপৰিও তেওঁলোকে উন্নত সমন্বয় গঢ়াত সহায় কৰে আৰু তেওঁলোকক নিযুক্তি দিয়া বিধানসভাৰ আসনত কেন্দ্ৰীভূতভাৱে কাম কৰে ।’’ দলটোৰ কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত সচিব অভিষেক দত্তই ইটিভি ভাৰতক জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Rongali bihu 2023: আঁহতগুৰিত হেঁপাহৰ ৰঙালী বিহু উদযাপন

ABOUT THE AUTHOR

...view details