নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : বুধবাৰে পুৱা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী হাৰিয়ানাৰ ঝাজ্জৰ জিলাৰ ছাৰা গাঁৱৰ বীৰেন্দ্ৰ আৰ্য আখাড়াত উপস্থিত হয় । তাত তেওঁ অলিম্পিয়ান বজৰং পুনিয়াকে ধৰি মল্লযোদ্ধাসকলৰ সৈতে বাৰ্তালাপ কৰে । কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আখাড়াত মল্লযোদ্ধা আৰু প্ৰশিক্ষক বীৰেন্দ্ৰ আৰ্যৰ সৈতেও বাৰ্তালাপ কৰে । উল্লেখ্য যে এই আখাড়া হৈছে কেইবাগৰাকীও অলিম্পিয়ানৰ প্ৰশিক্ষণ ক্ষেত্ৰ ।
ইফালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ঝাজ্জৰ ভ্ৰমণৰ পিছত মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে ৰাহুল গান্ধীয়ে তেওঁলোকৰ কুস্তিৰ ৰুটিন চাবলৈ আহিছিল । "তেওঁ আমাৰ কুস্তিৰ ৰুটিন চাবলৈ আহিছিল । তেওঁ মল্লযুদ্ধ কৰিছিল । তেওঁ এগৰাকী মল্লযোদ্ধাৰ দৈনন্দিন কাৰ্যকলাপ চাবলৈ আহিছিল ।" বজৰং পুনিয়াই কয় ।
আনহাতে, বজৰঙৰ প্ৰশিক্ষক বীৰেন্দ্ৰ আৰ্যই কয় যে কংগ্ৰেছৰ সাংসদগৰাকীৰ ভ্ৰমণ আকস্মিক আছিল আৰু তেওঁলোকক এই বিষয়ে অৱগত কৰা হোৱা নাছিল । "কোনেও আমাক কোৱা নাছিল যে তেওঁ আহি আছে । আমি ইয়াত অনুশীলন কৰি আছিলোঁ আৰু তেওঁ হঠাতে আহি ওলায়... তেওঁ পুৱা প্ৰায় ৬.১৫ বজাত ইয়াত উপস্থিত হয়... তেওঁ আমাৰ সৈতে ব্যায়াম কৰে আৰু তাৰ পিছত তেওঁ আমাক তেওঁৰ ব্যায়াম আৰু খেলৰ বিষয়ে কয় । ক্ৰীড়া সম্পৰ্কে তেওঁৰ যথেষ্ট জ্ঞান আছে... । প্ৰশিক্ষক আৰ্যই কয়।
উল্লেখ্য যে ৰাহুল গান্ধীৰ এই আখাড়া ভ্ৰমণ তেওঁৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কুস্তি ফেডাৰেচনৰ বিতৰ্কিত নিৰ্বাচনৰ পিছত খেল ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা অলিম্পিয়ান সাক্ষী মালিকৰ ঘৰলৈ যোৱাৰ পিছতে আহিছে ।
বিগত সপ্তাহত ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই) নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত দেশৰ মল্লযুদ্ধ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে । ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ চৰণ সিঙৰ সহায়ক সঞ্জয় সিঙক বৃহস্পতিবাৰে নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় । যাৰ ফলত ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা মল্লযোদ্ধাসকলৰ মাজত এক ডাঙৰ হতাশাৰ সৃষ্টি হয় ।