নিউজ ডেস্ক, 14 ডিচেম্বৰ: হিমাচল কংগ্ৰেছৰ বিধায়ক বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ উত্থাপন কৰিছে পত্নী সুদৰ্শনা চুন্দাৱটে (Domestic violence allegation against Congress MLA)। বিক্ৰমাদিত্য সিঙৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধেও সুদৰ্শনাই হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ পিচতেই অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অৰ্থাৎ ৰাজস্থানৰ উদয়পুৰৰ অতিৰিক্ত চি জে এমৰ আদালতে বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে জামিনহীন ৱাৰেন্ট জাৰি কৰে (MLA Vikramaditya Singh) ।
বিক্ৰমাদিত্য সিঙৰ বাহিৰে অভিযুক্তৰ বিৰুদ্ধে জামিনহীন ৱাৰেন্ট জাৰি কৰিছে আদালতে (Vikramditya Singh domestic violence case)। সকলো অভিযুক্তকে ১৪ ডিচেম্বৰ অৰ্থাৎ আজি আদালতত হাজিৰ হ’বলৈ কোৱা হৈছিল । ঘৰুৱা হিংসাৰ পৰা মহিলা সুৰক্ষা আইনৰ ২০ ধাৰাত উদয়পুৰ আদালতত এজাহাৰ দাখিল কৰিছিল সুদৰ্শনা চুন্দাৱাটে (Vikramaditya singh wife name) । সুদৰ্শনাই তেওঁৰ এজাহাৰত অভিযোগ কৰে যে, বিয়াৰ পিছত তেওঁ শিমলাৰ শহুৰেকৰ ঘৰলৈ আহিছিল আৰু তাৰ কিছুদিন পিছতে তেওঁ মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল ।
অভিযোগত কোৱা হৈছে যে ২০১৯ চনৰ ৮ মাৰ্চত বিধায়ক বিক্ৰমাদিত্য সিঙৰ সৈতে তেওঁৰ বিবাহ হৈছিল (Vikramditya Singh and Sudarshana Marriage) । এই বিবাহ ৰাজস্থানৰ কানোতা গাঁৱত হিন্দু ৰীতি-নীতি অনুসৰি হৈছিল (Vikramaditya Singh Wife Sudarshana)। বিয়াৰ পিছত সুদৰ্শনা শহুৰেকৰ ঘৰলৈ আহিছিল । তাতেই হাৰাশাস্তি আৰম্ভ হৈছিল তেওঁৰ ওপৰত ।
অভিযোগ অনুসৰি বিধায়কগৰাকীৰ পৰিয়ালে তেওঁৰ পৰিয়ালৰ সদস্য অৰ্থাৎ সুদৰ্শনাৰ আত্মীয়ক শিমলালৈ ফোন কৰি মাতি তেওঁক উদয়পুৰলৈ বলপূৰ্বকভাৱে পঠিয়াই দিছিল । এজাহাৰত সুদৰ্শনাই আদালতক আহ্বান জনাইছে যে, তেওঁৰ শহুৰেকক তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ নকৰিবলৈ নিৰ্দেশ লাগে । ইয়াৰ লগতে তেওঁক সুকীয়াকৈ থাকিবলৈ ঘৰৰ ব্যৱস্থা কৰিবলৈও আদেশ দিব লাগে ।