আগৰতলা, জুন ৯: ত্ৰিপুৰাত অহা ২৩ জুনত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ কংগ্ৰেছে নতুন সমীকৰণ আৰম্ভ কৰিছে। এইবাৰ বিজেপিক পৰাজিত কৰিবলৈ ৪৬-সুৰমা বিধানসভা সমষ্টিত কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে । তেওঁলোকে বিজেপিক পৰাস্ত কৰিব পৰা যিকোনো দলক সমষ্টিটোত সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে(Congress will support any party that can defeat BJP)। এআইচিচি ত্ৰিপুৰাৰ লগতে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ দায়িত্বত থকা ড০ অজয় কুমাৰে ৬ জুনত এই ইংগিত দিয়ে ।
তেওঁলোকে ৪৬ সুৰমা বিধানসভা সমষ্টিত কোনো প্ৰাৰ্থী প্ৰদান নকৰে আৰু ২৩ জুনত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব পৰা যিকোনো দলেক সমৰ্থন আগবঢ়াব বুলি উল্লেখ কৰি তেওঁ কয় যে শাসকীয় বিজেপিক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল আৰু বন্দুকৰ প্ৰশিক্ষণ দিছে ৷ ড০ অজয়ে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মনকে ধৰি কংগ্ৰেছৰ দুজন প্ৰাৰ্থীৰ সৈতে এক নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰে ।
উল্লেখ্য় যে উপ-নিৰ্বাচনৰ বাবে সুদীপ ৰয় বৰ্মনে ৮-টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ পৰা আৰু ৬-আগৰতলাৰ পৰা প্ৰাক্তন বিজেপি বিধায়ক আশীষ কুমাৰ সাহাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । এই দুখন আসনত কংগ্ৰেছ জিকিব আৰু জুবাৰাজনগৰ বিধানসভা সমষ্টিত কঠিন যুঁজ হ'ব বুলি তেওঁ দাবী কৰে।