নিউজ ডেস্ক, ২৭ মে' : শনিবাৰে ৫৯ সংখ্যক মৃত্যুবাৰ্ষিকীত দেশবাসীয়ে স্মৰণ কৰিছে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক (Pt Nehrus 59th death anniversary) । কংগ্ৰেছ দলেও পণ্ডিত নেহৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ নেতা ৰাহুল গান্ধীয়ে পণ্ডিত জৱাহৰলাল নেহৰুক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Congress leaders tributes to Pt Nehru) । খাৰ্গে, ৰাহুল গান্ধী, দলৰ কোষাধ্যক্ষ পৱন বানচাল আৰু অন্যান্য নেতাসকলে জৱাহৰলাল নেহৰুৰ সমাধিস্থল শান্তিবনত পুষ্পাঞ্জলি কৰে (tributes to Nehru at Shanti Van memorial) ।
আনহাতে, নেহৰুক স্মৰণ কৰি খাৰ্গেয়ে টুইটাৰত তেওঁৰ এটা উদ্ধৃতি লিখিছে : "দেৱালত আঁৰি থোৱা ফটো সলনি কৰিলেই ইতিহাস সলনি নহয় ।" প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয়, "পণ্ডিত নেহৰুৰ অৱদান অবিহনে একবিংশ শতিকাৰ ভাৰত কল্পনা কৰিব নোৱাৰি । গণতন্ত্ৰৰ এক নিৰ্ভীক প্ৰহৰী, তেওঁৰ প্ৰগতিশীল ধাৰণাই প্ৰত্যাহ্বান সত্ত্বেও ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশক প্ৰেৰিত কৰিছিল । মোৰ শ্ৰদ্ধাঞ্জলি 'হিন্দৰ জৱাহৰ' ।"
ইফালে কংগ্ৰেছ সাধাৰণ সম্পাদক কে চি বেণুগোপালে টুইটাৰৰ জৰিয়তে কয়, "এজন কিংবদন্তি স্বাধীনতা সংগ্ৰামী । দূৰদৰ্শী প্ৰধানমন্ত্ৰী । এজন গণতন্ত্ৰ নিৰ্মাতা যিয়ে আমাৰ গণৰাজ্যৰ ভেটি স্থাপন কৰিছিল । এগৰাকী ৰাজনীতিবিদ যাক বিশ্বই সন্মান কৰে । পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁৰ উত্তৰাধিকাৰীসকলৰ বাবে অনুসৰণযোগ্য এটা উদাহৰণ স্থাপন কৰিছিল । পণ্ডিতজীক মৃত্যুবাৰ্ষিকীত স্মৰণ কৰিলোঁ ।"
উল্লেখ্য, ভাৰতৰ স্বাধীনতা সংগ্ৰামত পণ্ডিত নেহৰুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ১৯৪৭ চনত দেশে স্বাধীনতা লাভৰ পিছত তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হয় (first Prime Minister of India) । তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতাসকলৰ ভিতৰত অন্যতম আছিল । ১৯৬৪ চনৰ ২৭' মে'ত ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে । ১৯৪৭ চনৰ পৰা ১৯৬৪ চনলৈকে তেওঁ ১৬ বছৰতকৈও অধিক সময় দেশৰ বাবে সেৱা আগবঢ়াইছিল । ৭৪ বছৰ বয়সত এইগৰাকী বিশ্ববৰেণ্য নেতাই মৃত্যুবৰণ কৰিছিল । শিশুসকলৰ প্ৰতি তেওঁৰ আছিল অগাধ ভালপোৱা । যাৰ বাবে শিশুসকলে তেওঁক 'নেহৰু চাচা' বা 'নেহৰু খুড়া' বুলি সম্বোধন কৰিছিল । যাৰ বাবে তেওঁৰ জন্মদিন প্ৰতিবছৰে শিশু দিৱস হিচাপে হিচাপে পালন কৰা হয় ।
লগতে পঢ়ক :Smriti Irani on Sengol Controversy : গান্ধী পৰিয়ালে নেহৰুৰ লাখুঁটি হিচাপে ছেংগোলক চুকত পেলাই ৰাখিছে