নেশ্যনেল ডেস্ক, ২৬ জুলাই: পেগাছাছৰ নিৰীক্ষণক লৈ প্ৰকাশিত সম্ভাৱ্য তালিকাই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে সদনৰ বৰ্ষাকালীন অধিৱেশন । সোমবাৰে, লোকসভাত উক্ত বিষয়ক লৈ সদন স্থগিত ৰখা প্ৰস্তাৱৰ জাননী দাখিল কৰে কংগ্ৰেছে । অধ্যক্ষক সদন স্থগিত প্ৰস্তাৱৰ জাননী দাখিল কৰে কংগ্ৰেছ নেতা মনীষ তিৱাৰী আৰু মণিকাম ঠাকুৰে । মনীষ তিৱাৰীয়ে জাননীত উল্লেখ কৰে যে, "স্পাইৱেৰৰ জৰিয়তে কৰা এনেধৰণৰ নিৰীক্ষণ হেকিঙৰ শাৰীত পৰে আৰু তথ্য প্ৰযুক্তি আইন, ২০২০ অনুসৰি এইয়া 'অনুমোদনবিহীন নিৰীক্ষণ' অথবা হেকিং ।
তিৱাৰীয়ে লগতে উল্লেখ কৰে যে, যিহেতু চৰকাৰে স্পাইৱেৰৰ চৰকাৰী ব্যৱহাৰক "স্পষ্টভাৱে অস্বীকাৰ" কৰা নাই সেয়ে, তেওঁ বিষয়টো সদনত উত্থাপন কৰিব বিচাৰে । ইফালে, দেওবাৰে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সবাদী)ৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ জন ব্ৰিটাছে ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ জৰিয়তে ৰাজনীতিবিদ, সাংবাদিক আদিৰ কাৰ্যকলাপ নিৰীক্ষণ কৰাটো মৌলিক অধিকাৰৰ উলংঘণ বুলি মন্তব্য কৰে । চৰকাৰে এই সন্দৰ্ভত তদন্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।