নেশ্যনেল ডেস্ক, ২১ আগষ্ট :প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ নিৰ্মমভাৱে সমাপ্ত হৈছিল । এই মন্তব্য তেওঁৰ পত্নী তথা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ । দেওবাৰে প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীত ছোনিয়া গান্ধীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে চমু ৰাজনৈতিক কেৰিয়াৰত অসংখ্য সাফল্য অৰ্জন কৰিছিল কিন্তু সমাপ্তি অতি নিষ্ঠুৰ আছিল । ২৫ সংখ্যক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছোনিয়া গান্ধীয়ে এই মন্তব্য কৰে । ছোনিয়া গান্ধীৰ মতে কম সময়ৰ ভিতৰতে ৰাজীৱ গান্ধীয়ে কেইবাটাও সাফল্য অৰ্জন কৰিছিল ৷ যাৰ ভিতৰত মহিলা সৱলীকৰণ অন্যতম আছিল বুলি তেওঁ উল্লেখ কৰে ।
ৰাজীৱ গান্ধীয়ে ১৯৮৪ চনত তেওঁৰ মাতৃ আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰিছিল । ১৯৮৪ চনৰ অক্টোবৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁ ৪০ বছৰ বয়সত ভাৰতৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হৈছিল । তেওঁ ১৯৮৯ চনৰ ২ ডিচেম্বৰলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৪৪ চনৰ ২০ আগষ্টত জন্মগ্ৰহণ কৰা ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে'ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এক নিৰ্বাচনী জনসভাৰ সময়ত লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম (এলটিটিই)ৰ আত্মঘাতী বোমাৰুৱে হত্যা কৰিছিল ।