নেশ্যনেল ডেস্ক, ১৫ জুলাই: মূল্যবৃদ্ধি, কৃষক বিদ্ৰোহ আদি বিষয়ক লৈ বিগত কিছুদিন ধৰি সঘনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Rahul Gandhi)য়ে । বৃহস্পতিবাৰে পুনৰ কেন্দ্ৰক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । টুইটযোগে চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, এতিয়া এই জটিল সময় কাৰ বাবে আহিছে সেই বিষয়ে সমগ্ৰ দেশবাসী অৱগত । শতিকাজুৰি কৰা নিৰ্মাণক ছেকেণ্ডতে এতিয়া শেষ কৰি দিয়া হৈছে বুলিও তেওঁ টুইটটোত উল্লেখ কৰে ।
ক'ভিড-১৯ প্ৰতিষেধকৰ অভাৱ, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি, মূল্যবৃদ্ধি আৰু কৃষকৰ বৰ্তমান অৱস্থা আদি বিষয়ক লৈ কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাজনে । ইয়াৰ পূৰ্বে ভাৰতীয় সেনাৰ বিৰোধিতা স্বত্বেও বুধবাৰে ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীয়ে গালৱান উপত্যকাত ভাৰত আৰু চীনা বাহিনীৰ মাজৰ বিবাদৰ প্ৰসংগও উত্থাপন কৰিছিল । উল্লেখ্য যে, বিগত বৰ্ষৰ ১৫ জুনত গালৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল ।