অসম

assam

ETV Bharat / bharat

Mizoram Assembly Elections 2023: মণিপুৰক দুটা ভাগত বিভক্ত কৰিলে বিজেপিয়ে: ৰাহুল গান্ধী - CAMPAIGN FOR MIZORAM POLLS

দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ আইজলত নিৰ্বাচনী ৰেলীত অংশ গ্ৰহণ গান্ধীৰ ৷ ‘‘5 বছৰত মিজোৰামত মাত্ৰ 2000 টা চাকৰিৰ সৃষ্টি কৰিলে জোৰাম থাংগা চৰকাৰে ৷’’ এই মন্তব্য ৰাহুল গান্ধীৰ ৷

Mizoram Assembly Elections 2023
মণিপুৰক দুটা ভাগত বিভক্ত কৰিলে বিজেপিয়ে

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 7:02 PM IST

মণিপুৰক দুটা ভাগত বিভক্ত কৰিলে বিজেপিয়ে

গুৱাহাটী, 16 অক্টোবৰ :বিধানসভা নিৰ্বাচনৰ প্ৰচাৰে ৰাজনীতি গৰম কৰি ৰখাৰ সময়তে মিজোৰামত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘‘ভাৰত জোড়ো’’ যাত্ৰাৰে চলালে নিৰ্বাচনৰ প্ৰচাৰ ৷ দলীয় প্ৰচাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি উপস্থিত হয় মিজোৰামত ।

অহা 7 নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰামৰ বিধানসভা নিৰ্বাচন ৷ এই বিধানসভা নিৰ্বাচনৰ বাবে মিজোৰামত এতিয়া প্ৰচাৰ তুংগত উঠিছে ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰৰ উদ্দেশ্যেৰে সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী নিৰ্বাচনমুখী ৰাজ্য মিজোৰামৰ ৰাজধানী চহৰ আইজলত উপস্থিত হয় । তথ্য অনুসৰি, ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা এখন হেলিকপ্টাৰেৰে পুৱা আইজলত উপস্থিত হয় গান্ধী । তাৰ পিচতেই গান্ধীয়ে অংশগ্ৰহণ কৰে আইজলৰ এক ৰেলীত ৷

মিজোৰামত উপস্থিত হৈয়ে প্ৰথম কাৰ্যসূচী ৰূপে কংগ্ৰেছ নেতাগৰাকীয়ে আইজল চহৰৰ চানমাৰীৰ পৰা ৰাজভৱনলৈ এক বিশাল পদযাত্ৰা উলিয়াই ৷ এই পদযাত্ৰাত বিপুল সংখ্যক সমৰ্থকৰ সৈতে মিজোৰামৰ ৰাজনীতিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে কংগ্ৰেছৰ নেতাজনে ৷

পদযাত্ৰা সম্পূৰ্ণ কৰাৰ পিচত সমগ্ৰ ভাৰততে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰধান মুখ ৰাহুল গান্ধীয়ে ৰাজ্যপালৰ আৱাসৰ সমীপত এখন সভাত ভাষণ আগবঢ়ায় ৷ ‘‘5 বছৰত মিজোৰামত মাত্ৰ 2000 টা চাকৰিৰ সৃষ্টি কৰিলে জোৰাম থাংগা চৰকাৰে ৷ বিজেপিয়ে মণিপুৰক দুটা ভাগত বিভক্ত কৰিলে ৷’’ এইদৰে ভাষণ মিজোৰাম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

দেশৰ উত্তৰ-পূৱ প্ৰান্তৰ মিজোৰামৰ বুকুৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিও সমালোচনাত মুখৰ হ’ল কংগ্ৰেছ নেতা গান্ধী ৷ মণিপুৰত সংঘটিত পৰিস্থিতিৰ প্ৰতি সামান্যও গুৰুত্ব নিদিয়াৰ বিপৰীতে ইজৰাইলত ঘটি থকা বিষয়ৰাজীৰ প্ৰতিহে অধিক আগ্ৰহী বুলি মোদীক আক্ৰমণ গান্ধীৰ ৷

গান্ধীয়ে মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি অভিযোগৰ আঙুলি তুলি কয়, ‘‘মানুহক হত্যা কৰা হৈছে ৷ মহিলাক নিৰ্যাতন কৰা হৈছে ৷ কেঁচুৱাক হত্যা কৰা হৈছে ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখন ভ্ৰমণ কৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা নকৰে। মোৰ বাবে এয়া আচৰিত যে প্ৰধানমন্ত্ৰীয়ে ইজৰাইলৰ ঘটনাৰাজীৰ প্ৰতি ভীষণ আগ্ৰহী কিন্তু মণিপুৰৰ প্ৰতি আগ্ৰহী নহয় ৷”

আইজলৰ ৰাজপথত প্ৰায় দুই কিঃমি জোৰা ৰেলীত অংশগ্ৰহণ কৰাৰ পিচত গণ সমাৱেশত দিয়া ভাষণত ৰাহুল গান্ধীয়ে কয়, ‘‘ মই বিচাৰো যে আপুনি বিগত পাঁচ বছৰত মিজোৰাম চৰকাৰে কি কৰিলে সেই বিষয়ে বিবেচনা কৰক।”

‘‘ৰাজ্যখনত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ ব্যাপকভাৱে বিয়পি পৰিছে । ইয়াৰ বাবেই 250 জন যুৱক-যুৱতীয়ে জীৱন হেৰুৱাব লগীয়া হৈছে । ৰাজ্যখনৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা ধ্বংস কৰাৰ বাবে এম এম এফ চৰকাৰক জগৰীয়া’’ বুলি দাবী কৰে গান্ধীয়ে ৷ তেওঁ মিজোৰামবাসীক উদ্দেশ্যি পুনৰ কয়, “ বিজেপিয়ে আপোনালোকৰ সংস্কৃতি, পৰম্পৰা, ধৰ্মৰ ওপৰত আক্ৰমণ চলাই থকাৰ সময়তে এম এন এফে দিল্লীত বিজেপিক সমৰ্থন কৰে । যোৱা 5 বছৰত এম এন এফ চৰকাৰে ৰাজ্যখনত মাত্ৰ 2000 টা চাকৰিৰ সৃষ্টি কৰিছে ৷”

উত্তৰ-পূৰ্ৱাঞ্চলৰ প্ৰায় কেইখন ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বৰ দাবী যে, এইবাৰ মিজোৰামত বিজেপিয়ে মিত্ৰদল এমএনএফৰ সৈতে মুখথেকেচা খাব ৷ লগতে এমএনএফক পৰাভূত কৰি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব 40 খন বিধানসভা আসন থকা মিজোৰামত ৷ আনহাতে শাসনাধিষ্ঠিত এমএনএফৰ নেতা বৰ্তমানৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ দাবী, 7 নৱেম্বৰত হ’ব লগীয়া নিৰ্বাচনত 25-40 খন আসন লাভ কৰি পুনৰ মিজোৰামত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব ৷

ইফালে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি সন্ধিয়ালৈ মিজোৰামৰ এদল শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে । 17 অক্টোবৰ অৰ্থাৎ মঙলবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ নেতাসকলক সাক্ষাৎ কৰি আইজলত এখন সংবাদমেল সম্বোধন কৰিব । সংবাদমেলৰ পিচতেই ৰাজ্যখনৰ দক্ষিণ প্ৰান্তৰ লুংলেই চহৰত এক ৰেলীত ভাগ লৈ এখন ৰাজহুৱা সভাত দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাব গান্ধীয়ে ৷

লগতে পঢ়ক:Rahul Gandhi arrives in Aizawl: দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details