নেশ্যনেল ডেস্ক, 21 আগষ্ট:সাধাৰণ নিৰ্বাচনকলৈ ব্যস্ততা বাঢ়িছে শাসক-বিৰোধীৰ ৷ 2024 ৰ লোকসভা নিৰ্বাচনাত বিৰোধী দলৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী কোন হ’ব, সেই সন্দৰ্ভতকংগ্ৰেছ নেতা পি এল পুনিয়াই কয় যে I.N.D.I.A. ব্লকৰ ক্ষমতা হাতলৈ অহাৰ পিছতহে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব । পি এল পুনিয়াই লগতে কয় যে মিত্ৰজোঁট ক্ষমতালৈ অহাৰ পিছত মিত্ৰজোঁটৰ পৰা নিৰ্বাচিত সাংসদে প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব । I.N.D.I.A. মিত্ৰজোঁটে সিদ্ধান্ত লৈছে যে, ক্ষমতালৈ অহাৰ পিছহে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব । নির্বাচিত সাংসদসকলে প্রধানমন্ত্রী নিৰ্বাচিত কৰিব বুলি কংগ্রেছ নেতাগৰাকীয়ে কয় ৷
2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যৱদ্ধ ফ্ৰণ্ট স্থাপনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ বিৰোধী দলসমূহ বৈঠকত মিলিত হয় । উল্লেখযোগ্য যে, I.N.D.I.A. বা ‘Indian National Developmental Inclusive Alliance’ হৈছে কংগ্ৰেছকে ধৰি 26 টা বিৰোধী দলৰ এটা মিত্ৰ জোঁট । প্ৰধানমন্ত্ৰী মোদীৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলি থকা NDA ৰ বিৰুদ্ধে 2024 চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি বিৰোধী দলসমূহ একত্ৰিত হৈছে ।
23 জুনত বিহাৰৰ পাটনাত প্ৰথমখন মিত্ৰজোঁটৰ বৈঠক আহ্বান কৰা হয় আৰু 17-18 জুলাইত কৰ্ণাটকৰ বেংগালুৰুত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় । পুনিয়াই সমাগত নিৰ্বাচন সন্দৰ্ভত কয় যে, আমেথি আসনৰ পৰা বিজেপি নেত্ৰী স্মৃতি ইৰাণী পৰাজিত হ’ব ।