নেশ্যনেল ডেস্ক, 16 এপ্ৰিল :অৱশেষত বিবাহপাশত আবদ্ধ হ’ল উত্তৰ প্ৰদেশৰ ৰামপুৰ পৌৰ পৰিষদৰ সভাপতি মামুম শ্বাহ খান ৷ 45 ঘণ্টাৰ ভিতৰতে কন্যা ঠিক কৰি শনিবাৰে নিশা 11 বজাত ৰামপুৰত বিবাহপাশত আবদ্ধ হ’ল উত্তৰ প্ৰদেশৰ ৰামপুৰ পৌৰ পৰিষদৰ সভাপতিগৰাকীয়ে (Congress leader Mamun Shah Khan got married) ৷
অৱশ্যে পৌৰ নিৰ্বাচনৰ পূৰ্বে কিয় 45 বছৰত বিবাহপাশত আবদ্ধ হ’ল মামুম শ্বাহ খান তাক লৈ এতিয়া চৰ্চা চলি আছে ৷ জানিব পৰা মতে, পৌৰসভাৰ নিৰ্বাচনৰ মনোনয়ন অন্তিম তাৰিখ 17 এপ্ৰিল । তথ্য অনুসৰি, অতি কম সংখ্যক লোকৰ উপস্থিতিত ৰামপুৰৰ এটা ব্যক্তিগত বিবাহ ভৱনত কংগ্ৰেছ নেতাজনে বিবাহপাশত আবদ্ধ হয় ৷ মামুম শ্বাহ খানৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থাকি কেইবাজনো ৰাজনৈতিক নেতাই নৱ বিবাহিত দম্পতীটোক শুভেচ্ছা জ্ঞাপন কৰে ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মামুম শ্বাহ খানে খৰখেদাকৈ বিবাহত আৱদ্ধ হোৱা সন্দৰ্ভতো কিছু মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘মই বহু আগতেই বিয়া কৰাব লাগিছিল ৷ কিন্তু ৰাজনীতি আৰু অন্যান্য কামত ব্যস্ত আছিলো ৷ সেয়ে বিবাহৰ বাবে সময় নাপালো’’ ।