অসম

assam

ETV Bharat / bharat

Caste Census in BJP ruled States: বিজেপি শাসিত ৰাজ্যত জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ কংগ্ৰেছৰ প্ৰশ্ন - Caste Census in Rajashthan

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰশ্ন কৰে যে বিজেপি শাসিত ৰাজ্যসমূহে সামাজিক ন্যায় সুনিশ্চিত কৰাৰ বাবে কিয় জাতিগত লোকপিয়ল কৰা নাই । তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰা যেতিয়া ৰাজস্থানত আছিল তেতিয়া ৰাহুল গান্ধীয়ে বহু সম্প্ৰদায়ৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰিছিল আৰু অ’বিচিৰ প্ৰতিনিধি দলে বিশেষভাৱে জাতি লোকপিয়লৰ দাবী উত্থাপন কৰিছিল ।

Congress leader Jairam Ramesh
বিজেপি শাসিত ৰাজ্যসমূহত জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰধানমন্ত্ৰীক প্ৰশ্ন

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 3:38 PM IST

নিউজ ডেস্ক, 8 অক্টোবৰ :দেওবাৰে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাতিগত লোকপিয়লৰ বিষয়ত মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে বিজেপি শাসিত ৰাজ্যসমূহে সামাজিক ন্যায় আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে কিয় এই জৰীপ পৰিচালনা কৰা নাই ৷ অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ৰাজস্থানত জাতিগত জৰীপ চলোৱাৰ নিৰ্দেশ দিয়াৰ এদিন পিছতে দলটোৱে এইদৰে প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰে ৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে ভাৰত জোড়ো যাত্ৰা যেতিয়া ৰাজস্থানত আছিল তেতিয়া ৰাহুল গান্ধীয়ে বহু সম্প্ৰদায়ৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰিছিল আৰু সেই সময়ছোৱাত অ’বিচিৰ প্ৰতিনিধি দলে বিশেষভাৱে জাতিগত লোকপিয়লৰ দাবী উত্থাপন কৰিছিল ৷

ৰমেশে এক্স (টুইটাৰ) ত কয় যে "ৰাহুল গান্ধীয়ে তেওঁলোকৰ কথাক অতি গুৰুত্বসহকাৰে লৈছিল ৷ এতিয়া ৰাজস্থান চৰকাৰে তেওঁলোকৰ অনুৰোধ অনুসৰি জাতিভিত্তিক জৰীপ চলোৱাৰ সিদ্ধান্ত লৈছে ৷ এয়া আদৰণীয় পদক্ষেপ ৷"

কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজস্থান চৰকাৰৰ এই নিৰ্দেশ সন্দৰ্ভত কয় যে, "এই জৰীপে বিশেষকৈ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে নীতি নিৰ্ধাৰণত সহায় কৰিব ৷ ইয়াৰ উপৰিও সামাজিক ন্যায় নিশ্চিত কৰা আৰু জনসংখ্যা অনুসৰি মানুহক অধিকাৰ প্ৰদান কৰাটোও অতি গুৰুত্বপূৰ্ণ ৷" বিজেপি শাসিত কোনো ৰাজ্যত কিয় এনে পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই আৰু জাতি লোকপিয়লৰ বিষয়ত প্ৰধানমন্ত্ৰী কিয় মৌন হৈ আছে সেই প্ৰশ্নও উত্থাপন কৰিছে ৰমেশে ৷

কংগ্ৰেছে সমগ্ৰ দেশতে জাতিগত লোকপিয়লৰ পোষকতা কৰিছে আৰু ইয়াক নিৰ্বাচনকেন্দ্ৰিক বিষয় কৰি তুলিছে ৷ বিহাৰৰ পিছত জাতিগত জৰীপ কৰা ৰাজ্যৰ দ্বিতীয়খন ৰাজ্য হ’ব ৰাজস্থান ৷ ইফালে চলিত বৰ্ষৰ শেষৰ ফালে ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ সময়সূচী শীঘ্ৰেই ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

দেশজোৰা জাতিগত লোকপিয়ল বিৰোধী I.N.D.I.A মিত্ৰজোঁটৰ এটা মূল এজেণ্ডা, যিয়ে বিশ্বাস কৰে যে ই হিন্দী হাৰ্টলেণ্ডত আগন্তুক নিৰ্বাচনত মিত্ৰতাক সহায় কৰিব য’ত জাতি ৰাজনীতিয়ে মূল ভূমিকা পালন কৰে ৷

লগতে পঢ়ক :Asian Games medal tally : এছিয়ান গেমছত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন, খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ABOUT THE AUTHOR

...view details