অসম

assam

ETV Bharat / bharat

Congress leader Jagdish Tytler : শিখ বিৰোধী সংঘৰ্ষ গোচৰত কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ অগ্ৰিম জামিন লাভ - শিখ বিৰোধী সংঘাত

১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষ গোচৰৰ অভিযুক্ত কংগ্ৰেছ নেতা জগদীশ টাইটলাৰক শুকুৰবাৰে দিল্লীৰ এখন আদালতে অগ্ৰিম জামিন প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে আদালতে টাইটলাৰৰ আগতীয়া জামিনৰ আবেদনৰ ওপৰত 4 আগষ্টৰ বাবে ৰায় সংৰক্ষিত ৰাখিছিল ৷

Congress leader Jagdish Tytler
জগদীশ টাইটলাৰৰ অগ্ৰিম জামিন লাভ

By

Published : Aug 4, 2023, 6:25 PM IST

নিউজ ডেস্ক, 4 আগষ্ট : 1984 চনৰ শিখ বিৰোধী সংঘৰ্ষ গোচৰৰ অভিযুক্ত কংগ্ৰেছ নেতা জগদীশ টাইটলাৰে শুক্ৰবাৰে সকাহ লাভ কৰে ৷ আদালতে নেতাজনক অগ্ৰিম জামিন প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে 1 আগষ্টত ৰাউজ এভিনিউৰ সত্ৰ আদালতে টাইটলাৰৰ আগতীয়া জামিনৰ আবেদনৰ ওপৰত 4 আগষ্টৰ আবেলি 3 বজাত ৰায় সংৰক্ষিত ৰাখিছিল ৷ দণ্ডাধীশৰ আদালতে জাৰি কৰা চমন অনুসৰি, টাইটলাৰ 5 আগষ্টত হাজিৰ হোৱাৰ কথা আছে ৷ অগ্ৰিম জামিন লাভ কৰাত এতিয়া তেওঁ গ্ৰেপ্তাৰ হোৱাৰ আশংকা নাই ৷ চিবিআইৰ বিশেষ ন্যায়াধীশ বিকাশ ধুলৰ আদালতত শুনানিৰ সময়ত চিবিআইয়ে জগদীশ টাইটলাৰৰ অগ্ৰিম জামিনৰ বিৰোধিতা কৰে ৷

চিবিআইৰ অধিবক্তা এইচ এছ ফুলকাই কয় যে, সাক্ষীসকলে যথেষ্ট সাহস দেখুৱাইছে আৰু তেওঁলোকক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নাকচ কৰিব নোৱাৰি ৷ নতুন সাক্ষীসকলৰ বিবৃতি অনুসৰি, প্ৰাথমিক ভাৱে এই গোচৰটোত জগদীশ টাইটলাৰৰ ভূমিকা পোহৰলৈ আহে ৷ ফুলকাই কৈছিল যে টাইটলাৰে তেওঁলোকক লাইভ টিভিত ভাবুকি দিছিল ৷ কেৱল সাক্ষীয়েই নহয়, উকীলসকলকো ভাবুকি দিয়া হৈছে ৷ তেওঁ কয় যে, জগদীশ টাইটলাৰ এজন প্ৰভাৱশালী ব্যক্তি আৰু তেওঁক জামিন দিয়া উচিত নহয় ৷ আদালতে জামিনৰ কথা বিবেচনা কৰোঁতে গোচৰটোৰ গুৰুত্বও বিবেচনা কৰা উচিত ৷

আগষ্টৰ 1 তাৰিখে সত্ৰ আদালতে টাইটলাৰৰ আগতীয়া জামিন আবেদনৰ ওপৰত চিবিআইক জাননী জাৰি কৰিছিল আৰু ইয়াৰ সঁহাৰি বিচাৰিছিল ৷ বিষয়টো 2 আগষ্টত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল ৷ আদালতে যোৱা সপ্তাহত টাইটলাৰক চমন জাৰি কৰিছিল আৰু শিখ বিৰোধী সংঘৰ্ষৰ সৈতে সম্পৰ্কিত পুল বাংগাছ অঞ্চলত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত 5 আগষ্টত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ৷

26 জুলাইত অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ বিধি গুপ্তা আনন্দে টাইটলাৰৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰা পৰিপূৰক অভিযোগ পত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি চমন জাৰি কৰে ৷ চমন জাৰি কৰি আদালতে টাইটলাৰক 5 আগষ্টত ব্যক্তিগতভাৱে হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ৷ এই আদেশৰ বিৰুদ্ধে টাইটলাৰে সত্ৰ আদালতত অগ্ৰিম জামিন আবেদন দাখিল কৰে ৷

লগতে পঢ়ক :Rahul Gandhi Conviction Stayed : উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি বিৰোধীৰ

ABOUT THE AUTHOR

...view details