নেশ্যনেল ডেস্ক, 26 আগষ্ট: কংগ্ৰেছত খহনীয়া ৷ কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰবীন কংগ্ৰেছী নেতা গুলাম নবী আজাদৰ (Ghulam Nabi Azad resigns from Congress) ৷ বৰ্ষীয়ান নেতা গৰাকীয়ে দলৰ প্ৰাথমিক সদস্য পদকে ধৰি কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে (resignation letter to Sonia Gandhi) ।
নেতাগৰাকীয়ে দলৰ মুৰব্বী ছোনিয়া গান্ধীক এখন 5 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ প্ৰদান কৰে ৷ এই পত্ৰখনত তেওঁৰ কংগ্ৰেছৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু ইন্দিৰা গান্ধীৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ কথা উল্লেখ কৰে । পত্ৰখনত তেও উল্লেখ কৰিলে, কংগ্ৰেছ দলৰ পৰিস্থিতি পতনৰ শেষৰ বিন্দুত উপনীত হৈছে ৷