নেশ্যনেল ডেস্ক,৩০ জুন : যোৱা ৩ মে'ৰ পৰা মণিপুৰত হিংসাত্মক কাৰ্যকলাপ অব্যাহত আছে । বিষয়টোৱে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে সময়তে মণিপুৰ চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা অব্যাহত ৰাখিছে কংগ্ৰেছে । পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক পুনৰ সমালোচনা কৰে এআইচিচিৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰে ।
কুমাৰে শুকুৰবাৰে অভিযোগ কৰে যে বিজেপিয়ে ধৰ্মৰ ওপৰত ভিত্তিত ৰাজনীতি কৰি আছে । তেওঁৰ মতে মণিপুৰ এক ট্ৰেইলাৰ । যদি বিজেপিয়ে ঘৃণা বিয়পাই থাকে তেন্তে সমগ্ৰ দেশতে মণিপুৰ সদৃশ পৰিস্থিতি হ'ব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰিছে ৷ তেওঁ লগতে কয় যে যদি বিজেপিয়ে নিৰ্বাচনত জয়ী হ'ব বিচাৰে তেনেহ'লে সেয়া কৰিব পাৰে কিন্তু তাৰ বাবে দেশক বিভাজন কৰাৰ কোনো প্ৰয়োজন নাই । মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে নিৰ্বাচনত জয়ী হ'বলৈ ঘৃণা বিয়পাই দেশক বিভাজন কৰিব নালাগে ।
বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰে । সংঘৰ্ষজৰ্জৰ চুৰাচান্দপুৰ ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীৰ কনভয় ৰখোৱাকলৈও কংগ্ৰেছ দলটো ক্ষোভিত হৈ আছে । এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে কয় যে ৰাহুল গান্ধীৰ ভ্ৰমণ এনেদৰে নষ্ট কৰিব বিচৰাটো দুৰ্ভাগ্যজনক ।