নেশ্যনেল ডেস্ক,১৬ মে' :কোন হ'ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ? ইয়াক লৈ জল্পনা-কল্পনা চলি আছে । এই ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বইও সিদ্ধান্ত ল'ব পৰা নাই । অৱশ্যে মঙলবাৰে দলে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব (Congress to choose Karnataka CM)! কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ সিদ্দাৰামাইয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ বৈঠকত মিলিত হ'ব । দিল্লীত এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ পাছতে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি কৰা হ'ব ।
কেপিচিচিৰ কাৰ্যকৰী সভাপতি ইশ্বৰ খান্দ্ৰেয়ে সংবাদমাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰী কোন হ'ব সেয়া সিদ্ধান্ত লোৱাৰ বাবে বৈঠকখন অনুষ্ঠিত হ'ব । জ্যেষ্ঠ নেতাসকলো দিল্লীত উপস্থিত হ'ব (Meeting on Karnataka CM selection)।
সোমবাৰে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ কথা আছিল যদিও শিৱকুমাৰে দিল্লী ভ্ৰমণ বাতলি কৰাৰ পাছতে ই ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছিল (DK Shivakumar cancel Delhi tour)। একপ্ৰকাৰ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাছনি কৰাক লৈ অচলাৱস্থা বৃদ্ধি পাইছিল । সিদ্দাৰামাইয়াৰ লগতে দলীয় শীৰ্ষ নেতৃত্বৰে বৈঠকৰ বাবে ডি কে শিৱকুমাৰক দিল্লীলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও অসুস্থতাৰ দিল্লী ভ্ৰমণ বাতিল কৰিছিল শিৱকুমাৰে ।
ইফালে কৰ্ণাটকৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সুৰজেৱালা আৰু কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ সৈতে কংগ্ৰেছৰ তিনিজন পৰ্যবেক্ষকে খাৰ্গেক সাক্ষাৎ কৰে আৰু বিধায়কসকলে প্ৰকাশ কৰা মতামতৰ ওপৰত আলোচনা কৰে ।