নিউজ ডেস্ক, 18 জুন:এই বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন ৷ বিজেপিৰ দখলত থকা মধ্যপ্ৰদেশক নিজৰ দখললৈ আনিবলৈ কংগ্ৰেছে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে তৈয়াৰ কৰিছে কেতবোৰ ৰণনীতি ৷ নিজৰ সমৰ্থকসকলক এক গোট কৰাৰ প্ৰচেষ্টা চলাইছে কংগ্ৰেছে ৷ উল্লেখ্য যে বিগত 12 জুনৰ পৰা কংগ্ৰেছে ৰাজ্যখনত আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ 12 জুনত জবলপুৰত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰিয়ংকা গান্ধীয়ে ৷
মধ্যপ্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়াৰ দৰে কংগ্ৰেছে পাঁচটা গেৰাণ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ জনসভাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় যে, কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয়, সেই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰীও কৰা হ’ব ৷ প্ৰিয়ংকা গান্ধীয়ে ৰাজস্থান আৰু ছত্তীশগড়ৰ উদাহৰণ ৰাইজৰ আগত দাঙি ধৰে ৷
উল্লেখ্য যে, মধ্যপ্ৰদেশত সম্প্ৰতি কংগ্ৰেছে ৰাজ্যিক গোটৰ মুৰব্বী, জিলা পৰ্যায়ৰ নেতা, বিধানসভা পৰ্যায়ৰ আৰু পঞ্চায়ত পৰ্যায়ৰ দলীয় নেতা কৰ্মীসকলক একত্ৰিত কৰাৰ অভিযানত পৃথকে পৃথকে নামি পৰিছে ৷