নেশ্যনেল ডেস্ক,১৬ মে': ৬০ বছৰ ধৰি কংগ্ৰেছে উত্তৰ-পূৱক কেৱল উপেক্ষা কৰিছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধীনত অঞ্চলটোৰ উন্নয়নৰ কেন্দ্ৰবিন্দু হৈছে । এই অভিযোগ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal slams congress)।
ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰে ৬০ বছৰ ধৰি উত্তৰ-পূবক উপেক্ষা কৰাৰ পাছত আজি প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ-পূবক মুকলি হাতেৰে আঁকোৱালি লৈছে । যাৰ বাবে উত্তৰ-পূবৰ প্ৰতি মনোযোগ বৃদ্ধি হৈছে আৰু উন্নয়নৰো কেন্দ্ৰবিন্দু হৈ পৰিছে (Sarbananda Sonowal on NE development)।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাবী কৰা মতে কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰে বিশেষ সমৰ্থন কৰাৰ বাবে ৰাষ্ট্ৰীয় ক্ষেত্ৰত উত্তৰ-পূবৰ পুনৰ উত্থান হৈছে । বিগত ৯ বছৰত উত্তৰ-পূবৰ পুনৰ উত্থান ঘটিছে, সেয়া ছিকিম হওক বা ত্ৰিপুৰা হওক, মিজোৰাম হওক বা মেঘালয় হওক, নাগালেণ্ড হওক বা মণিপুৰ হওক বা অসম হওঁক বা অৰুণাচল প্ৰদেশ হওক, প্ৰতিখন ৰাজ্যই নিজৰ স্বকীয়তা বিচাৰি উলিওৱাত সফল হৈছে বুলিও তেওঁ দাবী কৰিছে ।
এই সকলোবোৰ উন্নয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূবৰ প্ৰতি বিশেষ সমৰ্থন আৰু স্বীকৃতিৰ বাবেই হৈছে বুলি তেওঁ উল্লেখ কৰে । ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যুৱ সৱলীকৰণৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয় যে, যুৱ প্ৰজন্মই নিজকে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সমৰ্পিত কৰাটো এক সৌভাগ্যৰ বিষয় ।