নেশ্য়নেল ডেস্ক, ২ জানুৱাৰী:কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে সোমবাৰে কয় যে, এপ্ৰিল-মে'ৰ ভিতৰত বিধানসভা নিৰ্বাচনত দলটো শাসনলৈ অহিলে মুখ্যমন্ত্ৰী কোন হ'ব সেয়া দলৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব (Karnataka Congress president)। নতুন বছৰৰ বাবে ৰাজ্যখনৰ লোকসকলক আৰু সকলো ৰাজনৈতিক দলক শুভেচ্ছা জনাই তেওঁ কয়, "নতুন বছৰৰ বাবে সংবাদ মাধ্যম, ৰাজ্যৰ লোকসকলক শুভকামনা জনাইছো । সকলো দলকেই শুভ কামনা জনাইছো, কিন্তু কংগ্ৰেছে ক্ষমতা লাভ কৰা উচিত ।"
সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"মই মুখ্যমন্ত্ৰী হোৱা উচিত নহয়, হাইকমাণ্ডে ইয়াৰ সিদ্ধান্ত ল'ব । মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge ),ৰাহুল গান্ধী (Rahul Gandhi) আৰু ছোনিয়া গান্ধীয়ে সিদ্ধান্ত ল'ব (Sonia Gandhi)। তেওঁলোকে যি সিদ্ধান্ত লয় সেয়া প্ৰসাদৰ দৰে ।"
ৰাজ্যখনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে শিৱকুমাৰৰ লগতে কংগ্ৰেছ বিধায়িনী দলৰ নেতা সিদ্ধাৰামাইয়াৰ নামো চৰ্চা হৈছে (Congress Legislature Party leader Siddaramaiah)। নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে দুয়োগৰাকী নেতাৰ মাজত ৰাজনৈতিক উত্থানৰ খেল আৰম্ভ হৈছে । এই লৈ দলটোত বিভাজন হোৱাৰো আশংকা নুই কৰিব নোৱাৰি । সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰৰ সমৰ্থকসকলে প্ৰায়ে তেওঁলোকৰ নেতাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ।
ইপিনে,মহাদৈ নদীৰ পানীৰ বিষয়ত বিজেপিক "মিছা বিশ্ববিদ্যালয়" বুলি অভিহিত কৰি শিৱকুমাৰে কয়,"মহাৰাষ্ট্ৰত তেওঁলোকৰ নিজৰ চৰকাৰ থকা স্বত্বেও তেওঁলোকে কোনো কাম কৰিব নোৱাৰিলে । তেওঁলোকে আমাৰ বেছিভাগ বিধায়কক গোৱাত 'অপাৰেচন লোটাছ'ৰ জৰিয়তে নি তাতো শাসন চলাইছে যেনেকৈ তেওঁলোকে কৰ্ণাটকত কৰিছিল ।"