নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ:তেলেংগানাত থমকিলভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ BRS ৰ গাড়ী ৷ দেশৰ সবাতোকৈ পুৰণি দল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত তেলেংগানাত অগ্ৰগতি লাভ কৰিছে । ECI ৰ তথ্য অনুসৰি কংগ্ৰেছে 64 খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিআৰএছে 41 খন আৰু বিজেপিয়ে 9 খন আসনত আগবাঢ়ি আছে ।
তেলেংগানা কংগ্ৰেছৰ সভাপতি অনুমূলা ৰেৱন্থ ৰেড্ডীয়ে কামাৰেড্ডী সমষ্টিৰ পৰা আগবাঢ়ি আছে আৰু মুখ্যমন্ত্ৰী কেচিআৰে পিছ পৰি আছে । 2009 আৰু 2014 চনত TDP ৰ পৰা অন্ধ্ৰপ্ৰদেশ বিধানসভাত আৰু 2014 চনৰ পৰা 2018 চনৰ ভিতৰত তেলেংগানা বিধানসভাত কোডাংগল সমষ্টিক প্ৰতিনিধিত্ব কৰি দুবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰেৱন্থ ।
টিডিপি এৰি 2017 চনত কংগ্ৰেছত যোগদান কৰে ৰেৱন্থে । 2021 চনৰ জুন মাহত এন উত্তম কুমাৰ ৰেড্ডীৰ ঠাইত তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰে ৰেৱন্থে । ৱাৰংগল পূৱ আৰু পশ্চিম সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী কোণ্ডা সুৰেখা আৰু নাইনী ৰাজেন্দৰ ৰেড্ডী দুয়োগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে ।
গজৱেল সমষ্টিৰ পৰা আগবাঢ়ি আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰ । 2014 চনত ৰাজ্যখন গঠন হোৱাৰ পিছৰে পৰা BRS এ কে চি আৰক মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰি ক্ষমতা দখল কৰি আহিছে । উল্লেখযোগ্য যে, অন্যতম গুৰুত্বপূৰ্ণ আসন হিচাপে বিবেচিত ছিৰচিলাৰ পৰা কালভাকুন্তলা তাৰকা ৰামা ৰাও (KTR) আগবাঢ়ি আছে । 2018 চনৰ নিৰ্বাচনত একেখন আসনৰ পৰা যুঁজ দি জয়ী হৈছিল কেটিআৰ ।
আদিলাবাদ আসনত বিজেপিৰ পৰা পয়াল শংকৰে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে নিজামাবাদ (Urban)ৰ পৰা অগ্ৰগতি লাভ কৰিছে ধনপাল সূৰ্যনাৰায়ণে । ইয়াকুতপুৰাৰ আসনত আগবাঢ়ি আছে AIMIMৰ পৰা জাফ্ফৰ হুছেইন ।