নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী: সোমবাৰে পণ্ডিচেৰী বিধানসভাৰ ‘ফ্ল’ৰ টেষ্ট’ত পৰাজিত হ’ল কংগ্ৰেছ ৷ বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা হেৰুৱালে দলটোৱে ৷ ফলাফলৰ পিছতেই পদত্যাগ সিদ্ধান্ত মুখ্যমন্ত্ৰী চি.এম. নাৰায়ণস্বামীৰ ৷
উল্লেখ্য যে, শেহতীয়াকৈ বিধানসভাৰ মজিয়াৰ পৰা দুগৰাকীকৈ কংগ্ৰছে বিধায়ক ক্ৰমে এ. জন কুমাৰ, লক্ষ্মী নাৰায়নন আৰু ডিএমকেৰ বিধায়ক কে. ভেংকটেচনে পদত্যাগ কৰিছিল ৷ ইয়াৰ পিছতেই ৰাজ্যপাল তামিলিচাই সুন্দৰৰাজনৰ নিৰ্দেশত সোমবাৰে অনুষ্ঠিত কৰা হয় ‘ফ্ল’ৰ টেষ্ট’ ৷