নিউজ ডেস্ক, ১০ জানুৱাৰী : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈছে আৰু ২৮ জনীয়া ইণ্ডিয়া ব্লকৰ এংকৰ হিচাপে নিজৰ ভূমিকা পালন কৰিছে ।
কংগ্ৰেছৰ ৰণনীতিবিদসকলে ২০০৯ চনৰ লোকসভাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী (এছপি) আৰু ৰাষ্ট্ৰীয় লোক দলৰ (আৰএলডি) সৈতে আসন ভাগ-বাটোৱাৰাৰ এক সমীকৰণ তৈয়াৰ কৰিবলৈ আগবাঢ়িছে । দলৰ ভিতৰুৱা সূত্ৰত এই কথা প্ৰকাশ । আনহাতে, ১২ জানুৱাৰীত আসন ভাগ-বাটোৱাৰা আলোচনাৰ সময়ত মায়াৱতীৰ বহুজন সমাজ পাৰ্টীক (বিএছপি) অন্তৰ্ভুক্ত কৰাৰ বাবেও গুৰুত্ব দিবলৈ গৈ আছে । ইফালে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে দলৰ লোকসভা নিৰ্বাচনৰ ৫০০ সমন্বয়কক সমগ্ৰ দেশজুৰি আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুতি কৰিব লাগে তাৰ নিৰ্দেশ দিবলৈ ১১ জানুৱাৰীত দিল্লীলৈ মাতি পঠিয়াইছে ।
"আমি শেহতীয়াকৈ নিযুক্ত কৰা ৫০০ লোকসভা নিৰ্বাচন সমন্বয়কক নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰিবলৈ আৰু তেওঁলোকক উপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ ১১ আৰু ১২ জানুৱাৰীত দিল্লীলৈ আমন্ত্ৰণ জনাইছোঁ । আমি বিৰোধী মিত্ৰতাৰ বাবে সম্ভৱপৰ সকলো চেষ্টা চলাম ।" এআইচিচিৰ সাধাৰণ সম্পাদক সংগঠন কে চি বেণুগোপালে ইটিভি ভাৰতক কয় ।
কংগ্ৰেছৰ পাঁচজনীয়া ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ পেনেলে ১২ জানুৱাৰীত এছপি আৰু আৰএলডি নেতাসকলৰ সৈতে আলোচনা কৰি উত্তৰ প্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ বাবে আসন ভাগ-বাটোৱাৰা আলোচনাক চূড়ান্ত ৰূপ দিব । দলৰ ভিতৰুৱা সূত্ৰ মতে, কংগ্ৰেছৰ ৰণনীতিবিদসকলে ২০০৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে লাভ কৰা ২২ খন আসন দাবী কৰিছে । যিটোটো হৈছে দশকটোত উত্তৰ প্ৰদেশত কংগ্ৰেছৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ।
এই আসনসমূহ আছিল আমেথি, ৰায়বেৰেলী, আকবৰপুৰ, বাহৰিচ, বাৰাবাঁকী, ধৌৰাহৰা, দুমাৰিয়াগঞ্জ, ফৈজাবাদ, ফাৰুখাবাদ, গোণ্ডা, কানপুৰ, লখিমপুৰ খেৰী, কুশীনগৰ, মোৰাদাবাদ, চুলতানপুৰ, শ্ৰাৱস্তী, প্ৰতাপগড়, উন্নাৱ, ঝান্সি আৰু মহাৰাজগঞ্জ ।
কংগ্ৰেছৰ নীতি নিৰ্ধাৰকসকলে এইটোও উল্লেখ কৰিছে যে ২০০৯ চনৰ নিৰ্বাচনত প্ৰায় ১২ খন সংসদীয় আসনত সবাটোকৈ পুৰণি দলটো দ্বিতীয় স্থানত আছিল আৰু সেয়েহে ২০২৪ চনতো সেইকেইখন পোৱা উচিত । উল্লেখ্য যে এছপিয়ে ২০০৯ চনত ২৩ খন লোকসভা আসন, ২০১৯ চনত ৫ খন আৰু ৰাজ্যিক বিধানসভাৰ ৪০৩ জন বিধায়কৰ ভিতৰত ১১১ খন আসন লাভ কৰিছিল । কিন্তু বৰ্তমান কংগ্ৰেছৰ ৮০ খন সংসদীয় আসনৰ ভিতৰত মাত্ৰ এখন আৰু উত্তৰ প্ৰদেশৰ ৪০৩ জনীয়া বিধানসভা আসনৰ ভিতৰত দুখন আসনতহে সদস্য আছে । তেনে ক্ষেত্ৰত কংগ্ৰেছ দলৰ এই দাবী কোনো ক্ষেত্ৰতে সামঞ্জস্যপূৰ্ণ নহয় বুলিব পাৰি ।