নিউজ ডেস্ক, 27 জানুৱাৰী: শুকুৰবাৰে কংগ্ৰেছে ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰাত নিৰাপত্তাত সুৰুঙা থকাৰ অভিযোগ উত্থাপন কৰি জম্মু-কাশ্মীৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰে ৷ ‘‘আমি এতিয়ালৈকে জানিব পৰা মতে, আমাৰ জম্মু-কাশ্মীৰৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজনী পাটিলৰ বক্তব্যত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাক কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসনে নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱাটো স্পষ্ট হৈছে । নিৰাপত্তাৰক্ষীৰ ভুলটোৱে প্ৰশাসনৰ অসৎ আৰু অপ্ৰস্তুত মনোভাৱৰ ইংগিত দিয়ে । যেতিয়া আমাৰ হাতত অধিক তথ্য থাকিব আমি আপোনালোকক জনাম ৷’’ ৰাজনী পাটিল এটা টুইটৰ কথা উল্লেখ কৰি এইদৰে কয় কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ পৱন খেৰাই (Bharat Jodo Yatra in Jammu) ৷
কাশ্মীৰৰ বানিহালত হঠাতে নিৰাপত্তা বাহিনীয়ে যাত্ৰা বন্ধ কৰি বুলেটপ্ৰুফ গাড়ীৰ ব্যৱস্থাত যাত্ৰা কৰিবলৈ অনুৰোধ জনাইছিল ৰাহুল গান্ধীক ৷ কিন্তু কংগ্ৰেছৰ প্ৰভাৰী কে চি বেনুগোপালসহ একাংশ কংগ্ৰেছ নেতাই এই ঘটনাক নিৰাপত্তাজনিত অৱহেলা বুলি অভিযোগ তোলে ৷ ‘‘ডি এলেকাৰ পৰা হঠাৎ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ ফলত কাশ্মীৰৰ বানিহালত নিৰাপত্তা ভংগৰ পৰিবেশৰ সৃষ্টি হৈছে । এই নিৰ্দেশ কোনে দিলে ?” বেনুগোপালে প্ৰশ্ন কৰে (Cong alleged breach in Rahul Security) ৷
এই ভুলৰ প্ৰতি দায়বদ্ধ কৰ্তৃপক্ষই উত্তৰ দিব লাগিব আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে উপযুক্ত পদক্ষেপ ল’ব লাগিব বুলিও বেনুগোপালে উল্লেখ কৰে । ‘‘ৰাহুল গান্ধীৰ জীৱন আৰু কংগ্ৰেছ কৰ্মীৰ জীৱনৰ সৈতে ধেমালি খেলা হৈছে । এইখন ইমান স্পৰ্শকাতৰ ঠাই, নিৰাপত্তাৰ ক্ষেত্ৰত আমি অতিশয় চিন্তিত’’ বুলি সদৰী কৰে কে চি বেনুগোপালে (Jammu and Kashmir Bharat Jodo Yatra) ৷