অসম

assam

ETV Bharat / bharat

কংগ্ৰেছৰ ৭ জনীয়া সমিতিয়ে অধ্যয়ন কৰিব জাতিগত লোকপিয়ল - কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰাপ্পা মইলীৰ নেতৃত্বত হ'ব এই সমিতি

জাতিগত লোকপিয়ল অধ্যয়নৰ বাবে কংগ্ৰেছে গঠন কৰিছে এক বিশেষ সমিতি । কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰাপ্পা মইলীৰ নেতৃত্বত সাতজনীয়া সমিতিয়ে অধ্যয়ন কৰিব এই লোকপিয়ল ।

caste census
কংগ্ৰেছৰ ৭ জনীয়া সমিতিয়ে অধ্যয়ন কৰিব জাতিগত লোকপিয়ল

By

Published : Sep 4, 2021, 2:13 PM IST

নেশ্যনেল ডেস্ক, ৪ ছেপ্তেম্বৰ :জাতিগত লোকপিয়লকলৈ (caste census) সমগ্ৰ দেশত সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ইয়াৰ মাজতে সমগ্ৰ বিষয় অধ্যয়নৰ বাবে কংগ্ৰেছে গঠন কৰিলে বিশেষ সমিতি । কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে (Sonia Gandhi) শুকুৰবাৰে গঠন কৰিলে এক সাতজনীয়া সমিতি ।

অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ (AICC) সাধাৰণ সম্পাদক কে চি বেণু গোপালে এক বিবৃতিত প্ৰকাশ কৰা মতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰাপ্পা মইলীৰ নেতৃত্বত হ'ব এই সমিতি । সমিতিখনৰ আন সদস্যসকল হৈছে পশ্চিমবংগৰ সাংসদ অভিষেক মনু সিংভি (MP Abhishek Manu Singhvi), জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদ (Salman Khurshid), কংগ্ৰেছৰ মুখপাত্ৰ মোহন প্ৰকাশ (Mohan Prakash), হাৰিয়ানাৰ বিধায়ক কুলদীপ বিষ্ণৈই (MLA Kuldeep Bishnoi), আৰ পি এন সিং (RPN Singh) আৰু পি এল পুনিয়া (PL Punia) ।

উল্লেখ্য যে, শেহতীয়াকৈ লোকসভাত কেইবাগৰাকী বিৰোধী নেতাই জাতি-ভিত্তিক লোকপিয়লৰ দাবী কৰিছিল । নিম্ন সদনে পিছত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ (SEBC) নিজা তালিকা প্ৰস্তুত আৰু বজাই ৰখাৰ ক্ষমতা পুনৰুদ্ধাৰৰ বাবে বিধেয়কখন গৃহীত কৰে ।

লগতে পঢ়ক :সৰ্প দংশনৰ ফলত ত্ৰিপুৰাত দুজন লোক চিকিৎসাধীন

ABOUT THE AUTHOR

...view details