অসম

assam

ETV Bharat / bharat

Offering bribes to woo voters: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি-কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু - কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ শাসকীয় বিজেপি দলে উৎকোচ দিয়াৰ অভিযোগ ৷ কৰ্ণাটকৰ হাই গ্ৰাউণ্ডচ আৰক্ষী চকীত গোচৰ ৰুজু কংগ্ৰেছৰ(Congress files Complaint against Karnataka CM) ৷ প্ৰতিটো ভোটৰ বিপৰীতে বিজেপি দলে 6,000 টকা দিয়াৰ ঘোষণা কৰাৰ অভিযোগ কংগ্ৰেছৰ ৷ থানাত দাখিল ভিডিঅ’ ফুটেজ ৷

Offering bribes to woo voters
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Jan 25, 2023, 8:29 PM IST

নিউজ ডেস্ক, 25 জানুৱাৰী :কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ শাসকীয় বিজেপি দলে উৎকোচ দিয়াৰ অভিযোগ কৰিছে কৰ্ণাটকৰ কংগ্ৰেছে ৷ কৰ্ণাটকৰ কংগ্ৰেছে এই সন্দৰ্ভত বুধবাৰে হাই গ্ৰাউণ্ডচ আৰক্ষী চকীত এক গোচৰো ৰুজু কৰে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(Congress files Complaint against J P Nadda), কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই(Congress files Complaint against Karnataka CM) আৰু বিধায়ক ৰমেশ জাৰ্কিহোলিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে কৰ্ণাটকৰ কংগ্ৰেছে ৷

কৰ্ণাটক কংগ্ৰেছৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ, বিধায়িনী দলৰ নেতা সিদ্ধাৰামাইয়াকে ধৰি আন কেইবাজনো শীৰ্ষ নেতাই আৰক্ষীৰ ওচৰত এই গোচৰ ৰুজু কৰে ৷ গোকাকৰ বিজেপি বিধায়ক জাৰ্কিহোলিয়ে মে'ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ভোটত 6,000 টকা দিয়াৰ ঘোষণা কৰাৰ পাছত এই অভিযোগ উত্থাপিত হৈছে । 22 জানুৱাৰীত বেলাগাভিত আয়োজিত ৰেলীত অংশ লৈ তেওঁ কৈছিল, "যদি তাত থকা কংগ্ৰেছৰ এজন বৰ্তমানৰ বিধায়কে 3,000 টকালৈকে উপহাৰ আৰু নগদ ধন দিয়ে, তেন্তে তেওঁ ভোটাৰসকলক ৬,০০০ টকাৰ সমান মূল্যৰ উপহাৰ দিব"

অৱশ্যে ৰাজ্যিক বিজেপিয়ে বিধায়কজনৰ এই বক্তব্যৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে । ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰমেশ জাৰাকিহোলীৰ এই বক্তব্য কেমেৰাত আৱদ্ধ হোৱাৰো দাবী কৰিছে কৰ্ণাটকৰ ৰাজ্যিক কংগ্ৰেছে ৷ তেওঁলোকে ভিডিঅ' ফুটেজৰ এটা প্ৰতিলিপি প্ৰমাণ হিচাপে অভিযোগৰ সৈতে সংলগ্ন কৰিছে ৷ অভিযোগত কোৱা হৈছে যে, "ভিডিঅ'টোত ৰমেশ জাৰ্কিহোলীয়ে বিজেপিৰ হৈ আগন্তুক নিৰ্বাচনত প্ৰতিটো ভোটৰ বিনিময়ত ভোটাৰক 6,000 টকা নগদ ধন দিয়াৰ কথা ঘোষণা কৰা স্পষ্টভাৱে দেখা আৰু শুনা হৈছে ।"

অভিযোগটো শিৱকুমাৰ, আৰু সিদ্ধাৰামাইয়াৰ সৈতে আন দলৰ নেতাসকলৰ সৈতে ইয়াত হাই গ্ৰাউণ্ডচ আৰক্ষী চকীত দাখিল কৰা হৈছিল । কৰ্ণাটক কংগ্ৰেছে এয়া বিজেপিৰ মুখ্যমন্ত্ৰী তথা বিধায়িনী দলৰ নেতা বাসবৰাজ বোম্মাই, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা((BJP national President J P Nadda)) আৰু দলৰ ৰাজ্যিক মুৰব্বী নলিন কুমাৰ কাটিলৰ মৌন অনুমোদনৰ বিজেপিৰ সৰ্বোচ্চ পৰ্যায়ত ৰচনা কৰা এক সন্মিলিত ষড়যন্ত্ৰৰ অংশ বুলি অভিযোগ কৰে ৷ তেওঁলোকে এইটো গণতন্ত্ৰ অপহৰণৰ এক স্পষ্ট আৰু নিৰ্লজ্জ প্ৰয়াস বুলি মন্তব্য কৰি ভাৰতীয় দণ্ডবিধি 1860 ৰ 107, 120বি, 506 ধাৰাৰ অধীনত স্পষ্ট অপৰাধ বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:Anil Antony quits Congress : এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিৰ কংগ্ৰেছ ত্যাগ

ABOUT THE AUTHOR

...view details