অসম

assam

By

Published : Mar 30, 2023, 7:11 PM IST

ETV Bharat / bharat

German DW on Rahul Gandhi : জাৰ্মান চৰকাৰক কিয় ধন্যবাদ দিলে দিগ্বিজয় সিঙে ?

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ প্ৰতিক্ৰিয়া জাৰ্মান মন্ত্ৰালয়ৰ মুখপাত্ৰৰ (German DW on Rahul Gandhi disqualification)। জাৰ্মান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰিচাৰ্ড ৱাকাৰক ধন্যবাদ জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ ।

German DW on Rahul Gandhi
জাৰ্মান চৰকাৰক ধন্যবাদ দিলে দিগ্বিজয় সিঙৰ

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ প্ৰতিবাদ অব্যাহত আছে (Rahul Gandhi disqualification)। এই বিষয়ক লৈ দুয়োখন সদনতে একপ্ৰকাৰ অস্থিৰতাই বিৰাজ কৰিছে । ইয়াৰ মাজতে জাৰ্মান চৰকাৰে বিষয়টোত গুৰুত্ব আৰোপ কৰিছে (German govt on Rahul disqualification issue)।

জাৰ্মানৰ চৰকাৰী আন্তঃৰাষ্ট্ৰীয় সম্প্ৰচাৰক ডয়চে ৱেলত (ডিডব্লিউ) সম্প্ৰচাৰিত এক প্ৰেছ ব্ৰিফিঙৰ সময়ত জাৰ্মান মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে তেওঁৰ দেশে আশা কৰে যে এই গোচৰটোত ন্যায়িক স্বাধীনতা আৰু মৌলিক গণতান্ত্ৰিক নীতিৰ মানদণ্ড প্ৰযোজ্য হ'ব (German DW on Rahul Gandhi disqualification)।

জাৰ্মান চৰকাৰৰ এই প্ৰতিক্ৰিয়াৰ পাছতে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে জাৰ্মান চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে । টুইটযোগে সিঙে জাৰ্মান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰিচাৰ্ড ৱাকাৰক ধন্যবাদ জনাই কয় যে ৰাহুল গান্ধীৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ জৰিয়তে ভাৰতত কেনেদৰে গণতন্ত্ৰৰ সৈতে আপোচ কৰা হৈছে সেয়া জাৰ্মান চৰকাৰে গুৰুত্ব দিছে (Digvijaya Singh thanks Germany)।

ডিডব্লিউৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় সম্পাদক ৰিচাৰ্ড ৱাকাৰৰ দ্বাৰা টুইটাৰত শ্বেয়াৰ কৰা ব্ৰিফিংৰ ক্লিপটোত উল্লেখ থকা মতে জাৰ্মানে বিৰোধী নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়ৰ লগতে তেওঁৰ সংসদীয় আদেশ স্থগিত ৰখাৰ প্ৰতি লক্ষ্য ৰাখিছে (Richard Walker reacts over Rahul Gandhi)। তেওঁলোকে জনা মতে গান্ধীয়ে ৰায়টোৰ বিৰুদ্ধে আপীল কৰাৰ স্থিতিত আছে । জাৰ্মান মন্ত্ৰালয়ৰ মুখপাত্ৰজনে লগতে কয় যে তেতিয়াহে স্পষ্ট হ'ব এই ৰায়টো বৰ্তি থাকিব নে নাই আৰু তেওঁলোকে নিৰ্দেশটো স্থগিত ৰখাৰ কোনো ভিত্তি আছে নে নাই সেয়া স্পষ্ট হ'ব ।

সপ্তাহটোৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগৰ প্ৰধান উপ মুখপাত্ৰ বেদন্ত পেটেলে কৈছিল যে আমেৰিকাই ভাৰতীয় আদালতত ৰাহুল গান্ধীৰ গোচৰটো লক্ষ্য কৰিছে । ৰাহুল গান্ধীৰ অযোগ্যতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পেটেলে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰত চৰকাৰৰ সৈতে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি এক অংশীদাৰী প্ৰতিশ্ৰুতিৰ সৈতে জড়িত হৈ আছে । তাৰ ভিতৰত মত প্ৰকাশৰ স্বাধীনতা আছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Lalit Modi threatens Rahul Gandhi : ৰাহুল গান্ধীক ললিত মোডীৰ ধমক

ABOUT THE AUTHOR

...view details