আগৰতলা,১৮ আগষ্ট :ত্ৰিপুৰাত চাঞ্চল্যকৰ চুৰিকাণ্ড (Sensational theft in Tripura)। ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এইবাৰ চোৰৰ লুটপাত চলিল । আৰক্ষীৰ সন্মুখৰ পৰাই চোৰে লৈ গ'ল কেইবাটাও গোচৰৰ গুৰুত্বপূৰ্ণ ফাইল । ১৫ আগষ্টৰ নিশা সংঘটিত হৈছে এই ঘটনা (Theft at Tripura police headquarters)।
ইফালে এই চুৰিকাণ্ডক লৈ ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে । আৰক্ষীৰ কাৰ্যালয়তে চোৰৰ অতপালি দেখি সাধাৰণ জনতাই নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্নও উত্থাপন কৰিছে । ইয়াৰ মাজতে কংগ্ৰেছ দলে আকৌ ত্ৰিপুৰা আৰক্ষীক তীব্ৰ সমালোচনা কৰিছে (Tripura Congress slams police)। ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিতিৰ মতে এয়া মনে সজা আৰু ষড়যন্ত্ৰমূলক । শাসকীয় দলৰ একাংশ নেতাক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত আৰক্ষীয়ে এই নাটক ৰচনা কৰিছে বুলি অভিযোগ কৰে কংগ্ৰেছে ।
কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰক্ষীৰ কাৰ্যালয়ত চোৰ প্ৰৱেশ কৰাটো অসম্ভৱ (Congress reacts to theft at Tripura police headquarters)। দিনে নিশাই আৰক্ষীৰে ভৰি থকা এটা কাৰ্যালয়ত চোৰ প্ৰৱেশ কৰি ফাইল চুৰি কৰাটো কোনো কাৰণতে সম্ভৱ নহয় । তেওঁৰ মতে এয়া এক পৰিকল্পিত ঘটনা ।